কোকৰাঝাৰঃ ১৯৭১ চনৰ পিছত অহা হিন্দু বাংলাদেশীক অসমত সংস্থাপনৰ প্ৰস্তুতি চলোৱা কাৰ্যৰ বিৰুদ্ধে আজি সদৌ কোকৰাঝাৰ জিলা ছাত্ৰ সন্থাই কোকৰাঝাৰ চহৰত জোৰ লৈ সমদল উলিয়ায়৷ আজি সন্ধিয়া ৬-৩০ বজাত কোকৰাঝাৰ চহৰৰ ৰাসমেলা পথাৰৰ পৰা উলিওৱা জোৰ সমদলটোৱে চহৰৰ মুখ্য পথেদি সমদল কৰি অসম চুক্তি ৰূপায়ন কৰক, অতি শীঘ্ৰে বিশেষ টাস্ক ফৰ্চ গঠন কৰক, অসম অবৈধ চৰণীয়া পথাৰ নহয়, কেন্দ্ৰীয়-ৰাজ্য চৰকাৰ হায় হায়, ধৰ্মৰ নামত বিদেশীক ভাগ ভাগ কৰা নচলিব আদি শ্ল’গান দি উত্তাল কৰি তোলে৷

সমদলত আছুৰ সহকাৰী সাধাৰণ সম্পাদক নৱজ্যোতি ৰায়ে অংশগ্ৰহণ কৰি কয় যে অসম চুক্তি স্বাক্ষৰিত হৈ আজি  ৩২ বছৰত ভৰি দিয়া সত্বেও অসম-বাংলাদেশ সীমান্ত উন্মুক্ত হৈ ৰ’ল৷ তেওঁ কয় যে চলিত বৰ্ষৰ যোৱা এপ্ৰিল মাহত কেন্দ্ৰীয় চৰকাৰ,ৰাজ্য চৰকাৰ আৰু ছাত্ৰ সন্থাৰ মাজত এক ত্ৰিপাক্ষিক বৈঠক অনুষ্ঠিত হৈছিল৷

উক্ত বৈঠকত সিন্ধান্তনুযায়ী অতি শীঘ্ৰে বিশেষ টাস্ক ফৰ্চ গঠন, সাংবিধানিক ৰক্ষা কৱচ, সীমান্ত ছীল,অসম চুক্তি ৰূপায়ন কৰা হ’ব বুলি প্ৰতিশ্ৰুতি দিছিল৷ কিন্তু চৰকাৰে এতিয়া ওলটাখৰ মাৰি হিন্দু বাংলাদেশীক আশ্ৰয় দিবলৈ চেষ্টা চলোৱা বুলি অভিযোগ কৰে ছাত্ৰ নেতা নৱজ্যোতি ৰায়ে৷

ইপিনে উল্লেখিত দাবী সমূহ চৰকাৰে পূৰণ নকৰালৈকে নিৰৱচ্ছিন্নভাৱে ছাত্ৰ সন্থাই আন্দোলন চলাই যাব বুলি হুংকাৰ দিছে আছুৰ সহকাৰী সাধাৰণ সম্পাদক নৱজ্যোতি ৰায়ে৷ আজিৰ কাৰ্যসূচীত আছুৰ কোকৰাঝাৰ জিলা সভাপতি সুবোধ ৰায়, সাধাৰণ সম্পাদক সবিন শৰ্মাকে ধৰি দুই শতাধিক কৰ্মী,সদস্য অংশগ্ৰহণ কৰে৷