চাবুৱাঃ চাবুৱাত অখিল গগৈক মুক্তি দিয়াৰ দাবীত উত্তাল প্ৰতিবাদ৷ ৰেল পথ অৱৰোধ কৰি শ শ লোকে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ প্ৰতিবাদকাৰীক ছত্ৰভংগ দিবলৈ আৰক্ষীয়ে লাঠিচালনা কৰাত কেবাজনো প্ৰতিবাদকাৰী আহত হোৱা বুলি জানিব পৰা গৈছে৷

ৰাজ্যৰ গৃহ বিভাগে কৃষক নেতা অখিল গগৈক ৰাষ্ট্ৰদ্ৰোহৰ গোচৰত আটক কৰাৰ পাছৰে পৰা উত্তাল হৈ আছে ৰাজ্য৷ তাৰ মাজতে বুধবাৰে একাংশ দল-ৰেলপথ অৱৰোধ কৰি উত্তাল কৰে চাবুৱা৷ কৃষক নেতা অখিল গগৈক আটক কৰি ডিব্ৰুগড় জিলালৈ লৈ অহাৰ পাছৰে পৰা কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে চাবুৱাত প্ৰতিবাদ অব্যাহত ৰাখিছে৷

অখিল গগৈক মুক্তিৰ দাবীত চাবুৱাৰ খাজিখোৱাত কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ৰেল পথ অৱৰোধ কৰে। ডিব্ৰুগড় অভিমুখী আৰু গুৱাহাটী অভিমুখী ৰাজধানী এক্সপ্ৰেছ আবদ্ধ হৈ পৰে চাবুৱাত। আৰক্ষীয়ে লাঠীচালনা কৰাত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয়৷