ধুবুৰীঃ গৌৰীপুৰৰ বেপাৰীপট্টী ৩১নং ৰাষ্ট্ৰীয় ঘাই পথত ধুবুৰী জিলা কৃষক মুক্তিয়ে অখিল গগৈক বিনাচৰ্তে মুক্তিৰ দাবীত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ প্ৰতিমূৰ্ত্তি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে৷ কৃষক মুক্তিয়ে সৰ্বানন্দ মুৰ্দাবাদ, অখিল গগৈক মুক্তি দিয়ক, বিজেপি মুৰ্দাবাদ আদি শ্ল’গানেৰে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷

 সৰ্বা চৰকাৰে যদি অতি শীঘ্ৰে অখিল গগৈক বিনাচৰ্তে মুক্তি নিদিয়ে তেন্তে পৰৱৰ্তী সময়ত ভৱাবহ আন্দোলন কাৰ্যসুচী হাতত লোৱা হ’ব আৰু প্ৰয়োজন হ’লে ৰেল অৱৰোধ কাৰ্যসূচী হাতত লোৱা হ’ব বুলি সংগঠনটোৱে তীব্ৰ হুংকাৰ জনায়৷ 

আনহাতে পৰৱৰ্চতী সময়ত সংগঠনটোৱে হাতত লোৱা সমস্ত প্ৰতিবাদ কাৰ্যসূচীৰ বাবে চৰকাৰেই জগৰীয়া হ’ব বুলিও সংগঠনটোৱে স্পষ্ট কৰি দিয়ে৷ তদুপৰি আৰ এছ এছে মুকলিভাবে অস্ত্ৰ প্ৰশিক্ষন দিয়াৰ ক্ষেত্ৰত সৰ্বা চৰকাৰে মৌনতা অৱলম্বন কৰাৰো তীব্ৰ বিৰোধিতা কৰে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে৷