কামপুৰঃ কৃষক নেতা অখিল গগৈক গ্ৰেপ্তাৰ কৰাৰ প্ৰতিবাদত কামপুৰত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ জোঁৰ সমদলৰে প্ৰতিবাদ সাব্যস্ত কৰে।

মুখ্যমন্ত্ৰী সৰ্ব্বানন্দ সোনোৱাল মূৰ্দাবাদ, হিমন্ত বিশ্ব শৰ্মা মুৰ্দাবাদ, অসম চৰকাৰ হায় হায় শ্ল’গানে আজি কামপুৰ চহৰৰ আকাশ বতাহ কঁপাই তোলে। কৃষক নেতা অখিল গগৈক বিনা চৰ্তে মুকলি কৰি দিয়াৰ দাবীত এই কাৰ্যসূচী ৰূপায়ণ কৰে।

অন্যথা তীব্ৰ আন্দোলনৰ হুংকাৰ দিয়ে কৃষক মুক্তিয়ে।