শিমলুগুৰিঃ কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত আজিও উত্তাল সমগ্র ৰাজ্য। কৃষক নেতা অখিল গগৈৰ মুক্তিৰ দাবীত শিমলুগুৰি ধোদৰ আলিত জাতীয় নায়ক সৰ্বানন্দ সোণোৱালৰ প্ৰতিকৃতি দাহ সৎকাৰ কৰি প্ৰতিবাদ সাব্যস্ত কৰে  ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে।

ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ শিৱসাগৰ জিলা সমিতিৰ যুটীয়া সাধাৰণ সম্পাদক ৰাজু চেতিয়া ফুকনৰ নেতৃত্বত লগতে সংগঠনৰ কৰ্মীসকলে বিজেপি মুৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মুৰ্দাবাদ, কৃষক নেতা অখিল গগৈক মুক্তি দিয়ক আদি বিভিন্ন শ্ল’গানেৰে উত্তাল কৰিলে শিমলুগুৰি।