19
Sep
2017

কামপুৰঃ অসমীয়াৰ স্বাভীমানত আঘাত হানি নগাঁও জিলাৰ জুৰীয়াত অসমীয়াৰ চেনেহৰ গামোচাখনি দুস্কৃতিকাৰীয়ে জ্বলাই দিয়াক কেন্দ্ৰ কৰি এতিয়া সৰ্বত্ৰে প্ৰতিবাদৰ জুয়ে জ্বলাইছে অসম৷
নগাঁৱৰ জুৰীয়াত অসমীয়া স্বাভীমানৰ প্ৰতীক অসমীয়া গামোচা জ্বলাই দিয়া দূস্কৃতিকাৰীক গ্ৰেপ্তাৰৰ দাবীত আজি কামপুৰতো ‘ছাত্ৰ ঐক্য সেনা অসম’এ এক জোঁৰ সমদল বাহিৰ কৰে।
অসমীয়াৰ ওপৰত অত্যাচাৰ নচলিব, দূস্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰক আদি ধ্বনিৰে কামপুৰৰ আকাশ বতাহ কঁপাই তোলে প্ৰতিবাদকাৰী সকলে।