
উত্তৰ শালমাৰাঃ কেইবাবছৰ ধৰি জনজাতিকৰণৰ বাবে দাবী উত্থাপন কৰি অহা কোচ-ৰাজবংশী যুৱকে এইবাৰ ন্যায্যতাৰ বাবে হাতত তুলি লব অস্ত্ৰ৷ এই ঘোষণা আক্ৰাছুৰ৷ আজি অভয়াপুৰীৰ উত্তৰ শালমাৰাত সাংবাদিকৰ আগত এই ঘোষণা কৰে আক্ৰাছুৱে৷ পৃথক কমতাপুৰ আৰু কোচ-ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ ক্ষেত্ৰত চৰকাৰে কৰা প্ৰতাৰণাৰ প্ৰতিবাদত বুধবাৰৰ পৰা আক্ৰাছু (প্ৰ)ই দিয়া অসম বন্ধৰ ব্যাপক প্ৰভাৱ পৰিছে বঙাইগাঁও জিলাৰ বিভিন্ন প্ৰান্তত৷
অভয়াপুৰী, উত্তৰ শালমাৰা, খগৰপুৰ, বইতামাৰী, কাকৈজানাত ব্যাপক প্ৰভাৱ পৰিছে বন্ধৰ৷ বন্ধ হৈ পৰিছে দোকান পোহাৰৰ লগতে যান-বাহনৰ চলাচল৷ ইপিনে শতাধিক বন্ধ সমৰ্থকে খগৰপুৰ আৰু উত্তৰ শালমাৰাৰ ৰাজপথত টায়াৰ জ্বলাই উত্তপ্ত পৰিৱেশৰ সৃষ্টি কৰে৷ ন কমতাপুৰ ন ৰেষ্ট, আমাক ST লাগিবই, নৰেন্দ্ৰ মোডী মূৰ্ডাবাদ, সৰ্বানন্দ সোণোৱাল মূৰ্দাবাদ আদি ধ্বনিৰে উত্তাল কৰি তোলে পৰিৱেশ৷
তাৰ মাজতে আক্ৰাছু নেতাই চৰকাৰে বাৰে বাৰে কোচ-ৰাজবংশী জনগোষ্ঠীক প্ৰতাৰণা কৰিলে হাতত অস্ত্ৰ তুলি ল’বলৈ বাধ্য হ’ব বুলি ঘোষণা কৰে৷
ইপিনে বুধবাৰে নিশা ১ বজাত খগৰপুৰত বন্ধ সমৰ্থকৰ শিলাবৃষ্টিত আঘাতপ্ৰাপ্ত হয় বইটামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া হৰমোহন পাঠক৷ অৱশ্যে আঘাট গুৰুতৰ নহয় বুলি জানিব পৰা গৈছে৷