
মঙলদৈঃ চুবুৰীয়া ৰাজ্য ত্ৰিপুৰাৰ যুৱ সাংবাদিক শান্তনু ভৌমিকক যোৱা ২০ ছেপ্তেম্বৰত সংবাদ গ্ৰহণ কৰিবলৈ যাওতেই দুৰ্বৃত্তই নৃশংস ভাৱে হত্যা কৰিছিল। সাংবাদিক গৌৰী লংকেশক হত্যাৰ পাছতেই শান্তনু ভৌমিকৰ হত্যাৰ ঘটনাই সমগ্ৰ দেশ জুৰি আলোড়নৰ সৃষ্টি কৰিছে৷
সাংবাদিক হত্যাৰ প্ৰতিবাদ অসমতো বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰা দেখা গৈছে৷ মঙলদৈ প্ৰেছ ক্লাৱ¸ দৰং জিলা বাৰ্তাজীৱী সংঘ আৰু আপকুৰ দৰং জিলা সমিতিয়েও সংবাদিক নিগ্ৰহক তীব্ৰ গৰিহনা দিয়াৰ লগতে গভীৰ উদ্দেগ প্ৰকাশ কৰে।
যুৱ সাংবাদিকক এনে ধৰণে হত্যা কৰাৰ প্ৰতিবাদত আজি মঙলদৈ চহৰৰ মাজ মজিয়াৰে এক প্ৰতিবাদী কাৰ্য্যসূচী ৰূপায়ন কৰা হয়৷ লগতে যুৱ সাংবাদিক গৰাকীৰ বিদেহী আত্মাৰ চিৰশান্তি কামনা কৰে মঙলদৈৰ সংবাদকৰ্মী সংগঠনে৷
মঙলদৈ প্ৰেছ ক্লাৱ চৌহদত অনুষ্ঠিত এক প্ৰতিবাদী সভাত সাংবাদিকসকলৰ লগতে আছু¸ যুৱ ছাত্ৰ পৰিষদ¸ অসম সাহিত্য সভা¸ নাগৰিক মঞ্চ আদি দল সংগঠনেও এই হত্যাকাণ্ডক গৰিহনা দিয়ে৷ আনহাতে সমগ্ৰ হত্যাকাণ্ডৰ উচিত তদন্তৰ লগতে সাংবাদিকসকলৰ নিৰাপত্তা সুনিশ্চিত কৰিবলৈ দল-সংগঠনসমূহে দৰং জিলা উপায়ুক্তক ষ্মাৰক পত্ৰ প্ৰদান কৰে।