
কামপুৰঃ এটা বোকাময় পথে জ্বলাকলা খুৱাইছে ৰহা সমষ্টিৰ প্ৰমিলা পঞ্চায়তৰ জুকুতা বাসীক। পথৰ দূৰবস্থাৰ বাবে ছাত্ৰ ছাত্ৰীকে ধৰি সৰ্বসাধাৰণ ৰাইজে যাতায়ৰ বাবে দূৰ্ভোগ ভূগি আহিছে। জনপ্ৰতিনিধিৰ প্ৰতাৰণাৰ বাবে অৱশেষত স্থানীয় ৰাইজে পথৰ গাঁতত জকাই, প'ল লৈ মাছ ধৰি ৰাইজৰ প্ৰতিবাদ সাব্যস্ত কৰে।
পৰিবৰ্তনকামী চৰকাৰৰ দিনটো অপৰিবৰ্তিত বাট পথ। ৰহা সমষ্টিৰ প্ৰমিলা পঞ্চায়তৰ জুকুতা-কাৰ্বিআংলং সংযোগী পথত দ দ গাঁতৰ সৃষ্টি হোৱাত যাতায়তৰ বাবে দূৰ্ভোগ ভূগি আহিছে ২০ খনৰো অধিক গাঁৱৰ সৰ্বসাধাৰণ ৰাইজে। ৰহাৰ বিধায়ক ডিম্বেশ্বৰ দাসে স্থানীয় পঞ্চায়তৰ যোগেদি ৫ লাখ টকা পথছোৱা মেৰামতিৰ বাবে আবন্টন কৰিছিল যদিও বিধায়ক জনৰ সাংগো পাংগো সকলে ৰাবিজৰ নামত ৰঙা মাটি পেলাই সিংহ ভাগ ধনেই আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰিছে স্থানীয় ৰাইজে। যাৰ বাবে স্থানীয় ৰাইজে পথৰ দূৰৱস্থাৰ বাবে পথৰ দ খাৱৈত জকাই, প'ল মাৰি মাছ ধৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।
উল্লেখযোগ্য যে বিধায়ক সাংগো পাংগো সকলে নিৰ্মাণ কৰা এই পথছোৱাত দূৰ্নীতি বিৰোধী পৰিবৰ্তনকামী চৰকাৰখনৰ চকু পৰিবনে নে এনেদৰেই দূৰ্নীতিৰ পাহাৰ গঢ়িব গেৰুৱা চৰকাৰ খনে, স্থানীয় ৰাইজৰ মনত সেয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্ন হৈ পৰিছে৷