ৰঙিয়াঃ সংখ্যালঘু নেতা তথা এবিএমছুৰ সভাপতি লাফিকুল ইছলামৰ আত্মাৰ সদ্গতি কামনা কৰি আজি ৰঙিয়াত কেইবাটাও সংগঠনে বন্তি প্ৰজল্বন কৰে৷ ৰঙিয়া গান্ধী মণ্ডপৰ সন্মুখত বন্তি জ্বলাই লাফিকুল ইছলামৰ আত্মাৰ শান্তিৰ কামনা কৰাৰ লগতে হত্যাকাৰীক শীঘ্ৰে কৰায়ত্ত কৰাৰ দাবী জনায়৷

এবিএমছুৰ তামুলপুৰ জিলা সমিতিৰ সম্পাদক টাইছন হুছেইন, অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ নেতা বিদ্যুৎ ডেকা, গৰিয়া যুৱ ছাত্ৰ পৰিষদৰ সম্পাদক মতিউৰ ৰহমান, কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ কামৰূপ জিলা সমিতিৰ সভাপতি নয়ন তালুকদাৰ, কলিতা জনগোষ্ঠী সন্মিলনৰ উপ-সভাপতি ভাস্কৰ কলিতা, সদৌ অসম গৰিয়া-মৰিয়া দেশী জনগোষ্ঠীয় পৰিষদৰ সম্পাদক ফজলুল কৰিম হাজৰীকা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ৰঙিয়া আঞ্চলিক সমিতিৰ সম্পাদক ৰবিউল আৱাল আদি ছাত্ৰ সংগঠনৰ প্ৰতিনিধি উপস্থিত থাকি লাফিকুলৰ হত্যাৰ প্ৰতিবাদ জনায়৷