
গুৱাহাটীঃ ৰাজ্য এতিয়া অশান্ত। ভোট বেংকৰ স্বাৰ্থত বি জে পিয়ে লোকসভাত ইতিমধ্যে গৃহীত কৰিলে নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৬। বাংলাপ্ৰীতিৰে পশ্চিমবংগৰ ৪২ খন আসন দখলৰ স্বাৰ্থতে গেৰুৱা দলটোৱে ভৰিৰে মোহাৰি পেলাইছে প্ৰতিজন অসমীয়াৰ ক্ষোভ আৰু শংকা। অকল অসমৰে নহয়, উত্তৰ পূৰ্বাঞ্চলৰ আনকি বি জে পিৰ মিত্ৰ দলসমূহেও নাগৰিকত্ব সংশোধনী বিধেয়কে তেওঁলোকৰ ৰাজ্যৰ জনগাঁথনিতো যে বিৰূপ প্ৰভাৱ পেলাব, সেই বিষয়ে শংকিত হৈ পৰিছে।
তেওঁলোকে সাক্ষাৎ কৰিছে কেন্দ্ৰীয় গৃহ মন্ত্ৰীকে ধৰি চৰকাৰৰ মুৰব্বীসকলক। অসমৰ আন্দোলনকাৰী নেতৃত্বয়ো দিল্লীত লবী কৰি জে ডি ইউ, আৰ জে ডি, আম আদমি পাৰ্টী, আকালি দল, বিজু জনতা দল, চি পি আই, চি পি আই এমকে ধৰি কেইবাটাও ৰাষ্ট্ৰীয় দলৰ নেতৃত্বক সাক্ষাৎ কৰি বিধেয়কখনৰ বিৰুদ্ধ সমৰ্থন আদায় কৰিবলৈ চেষ্টা কৰি আছে।
ইফালে বিধেয়কখনক লৈ বি জে পি যেন নাচোৰবান্দা। বিধেয়কক আইনত পৰিণত কৰি চুবুৰীয়া বাংলাদেশ, পাকিস্তান, আফগানিস্তানৰপৰা হিন্দু, বৌদ্ধ, শিখ, পাৰ্চি আৰু খ্ৰীষ্টানক ভাৰতলৈ আনি নাগৰিকত্ব দিবই।
কেন্দ্ৰীয় চৰকাৰ আৰু বি জে পিয়ে এতিয়া বুজিও নুবুজাৰ ভাও ধৰিছে যে ভাৰতৰ আন আন ঠাইত এই বিধিয়ে বিশেষ প্ৰভাৱ নেপেলালেও উত্তৰ পূৰ্বাঞ্চল, বিশেষকৈ অসমত এই বিধেয়কে অতি বেয়াকৈ ঋণাত্মক প্ৰভাৱ পেলাব। ১৯৭১ চনলৈকে অসমে লোৱা বিদেশী বাংলাদেশীৰ বোজা পুনৰ ২০১৪ চনৰ ডিচেম্বৰলৈকে ল’বলগীয়া হ’লে অসমত আৰু অসমীয়াৰ অস্তিত্ব নাথাকিবগৈ।
ইমানৰ পাছতো মুখ্যমন্ত্ৰী সৰ্বান্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাকে ধৰি বাজ্যিক বি জে পি নেতাই কৈ আছে যে এই বিধেয়কেহে অসমৰ খিলঞ্জীয়াৰ অস্তিত্ব সুৰক্ষিত কৰিব। অৱশ্যে বিধেয়কখনে কেনেকৈ অসমীয়াৰ অস্তিত্ব সুৰক্ষিত কৰিব, সেই কথা কোনো এজন বি জে পি নেতাই ব্যাখ্যা কৰা নাই।
এনে এক পৰিস্থিতিত অসমৰ এশটাকৈ সংগঠনে সকলো গণতান্ত্ৰিক আন্দোলন কৰি প্ৰতিবাদ অব্যাহত ৰাখিছে। ইয়াৰ পাছতো চৰকাৰখনে এই বিধেয়ক আইনত পৰিণত কৰিবই বুলি স্বেচ্ছাচাৰিতাৰে কৈ আছে। এনে অগণতান্ত্ৰিক চৰকাৰৰ বিৰুদ্ধে অসমীয়াই এতিয়া কি কৰিব?
দিল্লীত উলংগ প্ৰতিবাদ, ধৰ্ণা, সমদল, ক’লা পতাকা প্ৰদৰ্শন, মুণ্ডন, জুমুঠি দাহ, পথ অৱৰোধ, অসম বন্ধকে ধৰি সকলো গণতান্ত্ৰিক আন্দোলন জনতাই কৰিছে। কিন্তু চৰকাৰ কোনো পৰিস্থিতিতে নৰম হোৱা নাই। যদি কেনেবাকৈ বিধেয়কখন ৰাজ্যসভাত গৃহীত হৈ যায়, তেন্তে অসমীয়াৰ কপালত চপৰিওৱাৰ বাদে আৰু একো কৰিবলৈ নাথাকিব।
এনে সময়তে প্ৰশ্ন উঠিছে যে আন্দোলনৰ নেতৃত্বই বিধেয়কখনৰ বিৰোধিতাৰে কিয় কংগ্ৰেছৰ শৰণাপন্ন হ’বগৈ লাগে? উল্লেখ্য যে সোমবাৰে আছু, কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু এ জে ৱাই চি পিৰ নেতৃত্বত ৰাজ্যৰ বিশিষ্ট ব্যক্তিসকলে কংগ্ৰেছৰ সভাপতি ৰাহুল গান্ধীক সাক্ষাৎ কৰি ৰাজ্যসভাত বিধেয়কখনৰ বিৰুদ্ধে ভোট দিয়াৰ প্ৰতিশ্ৰুতি আদায় কৰে।
অসমৰপৰা যোৱা আন্দোলনৰ নেতৃত্ব আৰু কংগ্ৰেছৰ নেতাসকলৰ গ্ৰুপ ফটো ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱাৰ পাছতে ইয়াক লৈ যথেষ্ট প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। বহুতে আন্দোলনকাৰীৰ নেতৃত্বৰ এনে কাৰ্যক আত্মঘাতী বুলিও মন্তব্য কৰা দেখা গৈছে। কাৰণ এই সাক্ষাতৰ গইনা লৈ বি জে পিয়ে আন্দোলনৰ আঁৰত কংগ্ৰেছৰ হাত থকা বুলি অনা অভিযোগ প্ৰতিপন্ন কৰিবলৈ সুবিধা পাব।
আন একাংশই আকৌ আন্দোলনৰ নেতৃত্ব কিয় ৰাহুল গান্ধীৰ ওচৰলৈ যাব লাগে বুলিও প্ৰশ্ন তুলিছে। কংগ্ৰেছে যদি সঁচাকৈ অসম আৰু অসমীয়াক ভাল পায়, তেন্তে ৰাহুল গান্ধী নিজে অসমলৈ আহি অসমবাসীক আশ্বাস দি যাব পাৰিলহেঁতেন।
এটা কথা থিক যে আন্দোলনটোৰ মূল লক্ষ্য হৈছে নাগৰিকত্ব সংশোধনী বিধেয়কখন প্ৰতিহত কৰা। গতিকে ইয়াক ৰাজ্যসভাত পৰাভূত কৰিবলৈ আন্দোলনৰ নেতৃত্বৰ কংগ্ৰেছৰ সমৰ্থন আদায় কৰাৰ বাদে আন কোনো বিকল্প নাই। বি জে পিৰ স্বেচ্ছাচাৰিতাই অসমীয়াক দিল্লীত নগ্ন কৰাৰ লগতে অসমীয়াৰ স্বাভিমানো জলাঞ্জলি দিবলগীয়া হৈছে আৰু ই সঁচাকৈয়ে দুৰ্ভাগ্যজনক।