
গৌৰীসাগৰঃ বৃহত্তৰ অসমীয়া যুৱ মঞ্চৰ শিৱসাগৰ জিলা সমিতিয়ে আজি স্বাস্থ্য বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰে৷
ভুল চিকিৎসাৰ বলি হৈ জিলাখনত কেইবাগৰাকী লোকৰ মৃত্যু হোৱাৰ অভিযোগ উত্থাপন হৈ অহাত সংগঠনটোৱে ব্যক্তিগত খণ্ডৰ চিকিৎসালয়সমূহৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণৰ দাবী জনাই এই প্ৰতিবাদ সাব্যস্ত কৰে৷
শিৱসাগৰ জিলাৰ মাজমজিয়াৰ বৰ্ডিং ৰোডস্থিত স্কেন এণ্ড ৰিৰ্চাজ চেন্টাৰৰ চিকিৎসক ডঃ ৰঞ্জিত কুমাৰ হাজৰিকাই ভুল চিকিৎসাৰ বাবে ডিব্রুগড় মেডিকেলত সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে অতুল বড়া নামৰ এজন ৰোগী৷
গতিকে যোৱা বহু দিন ধৰি ভুল চিকিৎসা আৰু শিৱসাগৰ জিলাৰ চহৰ স্কেন এণ্ড ৰিচাৰ্ছ চেন্টাৰ নামৰ ব্যক্তিগত চিকিৎসা প্রতিষ্ঠানটোৰ ভুল তথ্যৰ বাবে বহু ৰোগীয়ে মৃত্যুক আকোৱালি ল'ব লগা হোৱা ঘটনাত ক্ষোভিত হৈ বৃহত্তৰ অসমীয়া যুৱ মঞ্চই প্রতিবাদ সাব্যস্ত কৰে৷