বঢ়মপুৰ/নগাঁও/চামগুৰিঃ ৰাজ্যৰ শ-শ লোকক লুটি ধন ঘটা এটি ডিজিটেল চোৰৰ চক্ৰক নগাঁও আৰক্ষীয়ে আটক কৰিবলৈ সক্ষম হয়৷ বহু কষ্টৰে আনে বেংকত জমা কৰা টকা কেইটা বেংকৰ একাউন্ট হেক কৰি ট্ৰান্সফাৰ কৰি নিয়াত সিদ্ধহস্ত এই দলটোৰ ৫গৰাকী লোকক বহু কৌশলেৰে ধৰে নগাঁও আৰক্ষীয়ে৷ নগাঁও আৰক্ষীৰ এই সফল অভিযানৰ পিছতে নগাঁৱৰ ৰাইজে বাহঃ বাহঃ দিয়ে নগাঁও আৰক্ষীক৷

নগাঁও জিলাত প্ৰায় ৩০ লাখ টকা বেংকৰ একাউন্ট হেক কৰি লুটি নিয়া ৫গৰাকী হেকাৰৰ মাষ্টৰ নগাঁও আৰক্ষীৰ জালত পেলোৱাত ৰাইজে শলাগ লয়৷ পাঁচটাকৈ অনলাইন হেকাৰক আটক কৰাৰ ঘটনাই আৰক্ষীৰ বৃহৎ সফলতা বুলি কয় ৰাইজে৷ নগাঁও জিলাত একাউন্ট হেক কৰি টকা লুটি নিয়াৰ প্ৰায় ১০৫টা গোচৰ ৰুজু হৈ আছে বেংকৰ গ্ৰাহকৰ৷ যোৱা তিনিমাহৰ ভিতৰত নগাঁও জিলাৰ ৫৬জন বেংক গ্ৰাহকৰ পৰা প্ৰায় ৩০ লাখ টকা সৰকাই নিছিল হেকাৰকেইজনে।

ধৃত হেকাৰ কেইজন হৈছে কামপুৰ বকুলগুৰিৰ ৰছিদ আহমেদ বৰভূঞা, ছৰিফউদ্দিন লস্কৰ, ছৈয়দ আহমেদ লস্কৰ, নুৰ আহমেদ বৰভূঞা আৰু কঠিয়াতলীৰ বিশ্বজিৎ দে'। প্ৰায় দুমাহ ধৰি গোপনে চলাইছিল অভিযান৷ প্ৰথমাৱস্থাত এই কাণ্ড আন ৰাজ্য নতুবা বিদেশত সংঘটিত হোৱা বুলি সন্দেহ কৰা হৈছিল৷ কিন্তু দীৰ্ঘ তদন্তৰ অন্তত আৰক্ষীয়ে খাতাং হৈছিল এই দলটো নগাঁও চহৰৰ ওচৰে-পাজৰে থিতাপি লৈ থকা বুলি৷ তাৰ পিছতে মঙলবাৰে নিশা পুনৰ সক্ৰিয় হৈ পৰে নগাঁও আৰক্ষী৷

নগাঁও জিলাৰ পুৰণিগুদাম আৰক্ষী চকীৰ অন্তৰ্গত পুৰণিগুদাম ন-আলিমূৰত তীব্ৰ অভিযান চলাই বহু পৰিমাণৰ ড্ৰাগছ জব্দ কৰিবলৈ সক্ষম হয়৷ জানিব পৰা মতে, এক গোপন সুত্ৰৰ পম খেদি নগাওঁ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ৰিপুল দাসৰ নেতৃত্বত অহা আৰক্ষীৰ এটা দলে পুৰণিগুদাম ন-আলিমূৰৰ পৰা প্ৰায় এক লাখ টকা মূল্যৰ ড্ৰাগছৰ টেবলেট আৰু লিকৰ বটল জব্দ কৰাৰ লগতে ড্ৰাগছ সৰবৰাহত ব্যৱহাৰ কৰা এ-এচ-০২-এল-৩৫৯৭ নম্বৰৰ এখন মটৰ চাইকেল আৰু এ-এচ-০২-এ-চি-৭৯৪৬ নম্বৰৰ এখন মাল কঢ়িওৱা টেম্প জব্দ কৰে৷

ড্ৰাগছ সৰবৰাহৰ লগত জড়িত থকা যুৱক দুজন আৰক্ষীৰ হাতৰ পৰা পলাই সাৰিবলৈ সক্ষম হয়৷ পুনৰ একেটা নিশাই নগাঁও আৰক্ষীয়ে চামগুৰিৰ অমনিত অভিযান চলাই৷ চামগুৰি আৰক্ষীয়ে চামগুৰিৰ অমনিৰ পৰা জীয়াবুৰ ৰহমান আৰু ৰূপহীহাটৰ বৰঘাটৰ পৰা বাহাৰুল ইছলাম, ৰমজান আলীক তিনি খল চুৰি বাইক সহিতে আটক কৰিবলৈ সক্ষম হয়৷ দীৰ্ঘদিন ধৰি নগাঁও জিলাৰ বিভিন্ন ঠাইত গাড়ী আৰু বাইক চুৰিৰে সন্ত্ৰাসৰ সৃষ্টি কৰিছিল ধৃত চোৰ কেইটাই। চামগুৰি আৰক্ষীয়ে সম্প্ৰতি সমগ্ৰ চুৰি কাণ্ড সন্দৰ্ভত জেৰা অব্যাহত ৰাখিছে। নগাঁও আৰক্ষীয়ে ২৪ ঘন্টাৰ ভিতৰত এনে সক্ৰিয় ভূমিকা পালন কৰি অপৰাধীক আটক কৰাত শলাগ লয় নগঞা ৰাইজে৷