
নলবাৰীঃ ছাত্ৰনেতা লাফিকুল ইছলাম আহমেদৰ হত্যাকাণ্ডৰ ঘটনাক লৈ আজি পৰ্যন্ত অব্যাহত আছে তীব্ৰ প্ৰতিবাদ আৰু ধৰ্না। হত্যাকাৰী গ্ৰেপ্তাৰত ব্যৰ্থ হোৱা অসম আৰক্ষী প্ৰশাসনৰ বিৰুদ্ধে আজি নলবাৰী-বাক্সা জিলা এবিএমছুৰ শতাধিক কৰ্মীয়ে কদমতল চ'কৰ ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে।
ছাত্ৰনেতা গৰাকীৰ হত্যাকাণ্ডৰ ২৫ দিন অতিক্ৰমৰ পাছতো হত্যাকাণ্ডৰ ঘটনাত নাম সাঙোৰ খোৱা কোকৰাঝাৰ জিলাৰ আৰক্ষী অধীক্ষক ৰাজেন সিঙক নিলম্বিত নকৰা আৰু হত্যাকাৰীক কৰায়ত্ব কৰিব নোৱাৰাৰ প্ৰতিবাদত এই কাৰ্যসুচী ৰূপায়ণ কৰে৷
সংগঠনটোৱে হত্যাকাণ্ডৰ সকলো তদন্ত চি বি আইৰ হাতত অৰ্পন কৰাৰ দাবী তুলি অসম চৰকাৰ হায় হায়, ৰাজেন সিং মুৰ্দাবাদ, বিজেপি চৰকাৰ মুৰ্দাবাদ আদি বিভিন্ন শ্লোগানেৰে পৰিবেশ উত্তাল কৰি তোলে। যদি অতিশীঘ্ৰ এই সকল প্ৰতিবাদকাৰীৰ দাবী চৰকাৰ খনে পূৰণ নকৰে তেনেহলে পৰৱৰ্তী সময়ত ভয়াৱহ আন্দোলন গঢ়ি তুলিব বুলিও পুনৰ হুংকাৰ দিয়ে।
অৱশ্যে এই দুই ঘন্টীয়া অৱৰোধ কাৰ্য্যসূচীৰ ফলত ৰাজপথত শ শ যান বাহন আবদ্ধ হৈ পৰে। বিক্ষিপ্ত ঘটনা সংঘটিত নহবৰ বাবে ঘটনাস্থলীত সেনা আৰক্ষীৰ লগতে চি আৰ পি এফ বাহিনী মোতায়েম কৰাত কাৰ্যসূচী শান্তিপূৰ্ণভাৱে সমাপ্ত হয়।