
গৰৈমাৰীঃ বিদ্যুৎ বিভাগৰ বিৰুদ্ধে অতিষ্ঠ হৈ পৰিছে কামৰূপৰ ছয়গাঁৱৰ গৰৈমাৰী অঞ্চলৰ ৰাইজ৷ বিদ্যুৎ বিভাগৰ ফিডাৰ লীজত লৈ ব্যৱসায় কৰি অহা লোকে বিদ্যুৎ বিল অত্যাধিক প্ৰেৰণ কৰাৰ অভিযোগ উত্থাপন কৰি আজি গৰৈমাৰিৰ ভিতৰদুৱাৰত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। গৰৈমাৰিৰ ভিতৰদুৱাৰত আজি স্বেচ্ছাসেৱী অনুষ্ঠান এটাৰ লোকে বিল দিবলৈ গাঁও খনত যোৱাৰ পাছতে বিদ্যুৎ গ্ৰাহক সকলে অত্যাধিক বিল দেখি উত্তেজিত হৈ পৰে।
ছয়গাঁও বিদ্যুৎ উপ-সংমণ্ডলৰ অধীনৰ গৰৈমাৰী ফিডাৰটো গৰৈমাৰীৰে চাম্পুপাৰাৰ এজন লোকে নিজ পৰিয়ালৰ সদস্যৰে গঠিত মনোময় উন্নয়ন পৰিষদ নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ নামত লীজত লয়৷ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে গৰৈমাৰী বজাৰকে আদি কৰি অঞ্চলটোৰ বিভিন্ন গাঁৱত নামে বেনামে বিদ্যুৎ সংযোগ দি গ্ৰাহকৰ পৰা ব্যাপক হাৰত ধন সংগ্ৰহ কৰাৰ অভিযোগ উত্থাপন কৰে ৰাইজে। অবৈধ ভাবে বিদ্যুৎ সংযোগ দি গ্ৰাহক সকলৰ নাম ছয়গাঁও বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত পঞ্জীয়ন কৰা নাছিল স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে।
গ্ৰাহকৰ পৰা উঠোৱা বিদ্যুৎ বিল স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে সংগ্ৰহ কৰি আত্মসাৎ কৰাৰ অভিযোগ উত্থাপন কৰে বিদ্যুৎ গ্ৰাহক সকলে। মনোময় স্বেচ্ছাসেৱী অনুষ্ঠানটোৰ বিৰুদ্ধে গৰৈমাৰী আৰক্ষী চকীত এজাহাৰো দাখিল কৰিছিল ৰাইজে। আৰক্ষীয়ে দুৰ্নীতিৰ তদন্ত চলাই থকাৰ সময়তে স্বেচ্ছাসেৱী অনুষ্ঠানটোৰৱে পুনৰ লাভ কৰে ফিডাৰটো। গৰৈমাৰী ফিডাৰটো লাভ কৰিবলৈ বহু কেইজন লোকে টেণ্ডাৰ দাখিল কৰিছিল যদিও স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে পুনৰ পাবলৈ সক্ষম হয়৷
মনোময় নামৰ স্বেচ্ছাসেৱী অনুষ্ঠানটোৱে মোনছেৰ আলী নামৰ যুৱকজনক পূৰ্বৰ দৰে মিটাৰ ৰিডিং লোৱাৰ দায়িত্ব দিয়ে। মোনছেৰ আলী নিজে ৰিডিং নলৈ আন এজন যুৱকৰ হতুৱাই আচলপাৰা, বৰাখাট, বাঘমাৰা, ভিতৰদুৱাৰ আদি গাঁৱত নিজ ইচ্ছামতে অত্যাধিক বিল গ্ৰাহকৰ পৰা লোৱাৰ অভিযোগ উত্থাপন হয়। ভিতৰদুৱাৰত আজি মোনছেৰ আলীৰ লগতে ৰিডিং লোৱা যুৱকজনে বিল দিবলৈ গ্ৰাহকৰ ঘৰে ঘৰে যোৱাৰ সময়তে একাংশ গ্ৰাহকে ক্ষোভিত হৈ দুয়োগৰাকী লোকক আক্ৰমণ কৰিবলৈ উদ্যত হোৱাৰ সময়য়তে জোৰশিমুলী আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে৷