বিহালীঃ বাঢ়নী পানীয়ে পথ উটুৱাই নিয়াত ব্যাপক সমস্যাত পৰে পাভৈ আৰু মিজিকা অঞ্চলৰ লোকসকল৷ বিহালীৰ মিজিকা সপ্তাহিক বজাৰৰ ওচৰত আজি বাঢ়নী পানীয়ে উটুৱাই নিয়ে মিজিকা-পাভৈ সংযোগী পথ। পথটো উটুৱাই নিয়াত সংযোগ বিচ্ছিন্ন হয় পাভৈ আৰু মিজিকাৰ মাজত।

হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয় মিজিকা আৰু পাভৈত। স্থানীয় ৰাইজ আৰু আটছাৰ বিষয়-ববীয়াই বিষয়টো তৎকালে স্থানীয় বিধায়ক তথা কেবিনেট মন্ত্ৰী ৰঞ্জিত দত্তক অৱগত কৰে। মন্ত্ৰী দত্তই গুৰুত্ব সহকাৰে লৈ বাঘমৰা মণ্ডল বিজেপিৰ সভাপতি দধিৰাম শৰ্মাৰ সৈতে উক্ত স্থানত উপস্থিত হৈ মিজিকা চাহ বাগিছাৰ পৰিচালক জীতেন্দ্ৰ কুমাৰ কহলীৰ সৈতে এক আলোচনাত মিলিত হয়৷

আজি দিনৰ ভিতৰতে নিৰ্মাণ কাৰ্য সম্পূৰ্ণ কৰিবলৈ বিভাগীয় কৃৰ্তৃপক্ষক জৰুৰী নিৰ্দেশ দিয়ে। ইফালে মিজিকা চাহ বাগিছাৰে চাৰি নং ৱাৰ্ডত কালভাৰ্ট ছিঙি যোৱাৰ ফলত হাহাকাৰ লাগে।