কামপুৰঃ ৰাজ্যত বিজেপি চৰকাৰ গঠন হোৱাৰ পূৰ্বৰে পৰা সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন মন্ত্ৰীসভাৰ প্ৰতিনিধি সকলে দিয়া প্ৰতিশ্ৰুতিসমূহ বৰ্তমানেও প্ৰতিশ্ৰুতি হৈয়ে ৰৈছে ৷ সকলোবোৰ যেন ফুটুকাৰ ফেন ৷ বিভিন্ন আঁচনি ৰূপায়ণৰ প্ৰতিশ্ৰুতিৰে মন্ত্ৰী-বিধায়ক সকলে বহুবল্কী ভাষণৰ ফুলজাৰিৰে মোহাচন্ন কৰি ৰাখিছে সাধাৰণ জনতাক৷ সমাধান কৰিব পৰা নাই কোনোধৰণৰ সমস্যা৷ বৰ্তমানেও ৰাজ্যৰ বাট-পথে জুৰুলা কৰিছে আহিছে ৰাইজক৷

নগাঁও জিলাৰ কামপুৰত মঙলবাৰে কুঁৱৰীআটি গাঁৱলৈ আৱন্টিত হোৱা এটা পথ নাৰিকলি গাঁৱলৈ স্থানান্তৰিত কৰাক বাবে গড়কাপ্তানী বিভাগৰ বিৰুদ্ধে ৰাইজে কামপুৰ-ৰহা সংযোগী পথ বন্ধ কৰি ৰাইজে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ কামপুৰৰ বাট-পথবোৰ দেখিলেই সহজে অনুমান হয় যে কি দুৰৱস্থাত অহা-যোৱা কৰিবলগীয়া হৈছে কামপুৰবাসীয়ে।

উল্লেখ্য যে, নগাঁও জিলাৰ উপায়ুক্তক পথটোৰ নিৰ্মাণকলৈ গড়কাপ্তানী বিভাগে কৰা মইমতালিৰ বিৰুদ্ধে ৰাইজে অভিযোগ দিয়ে যদিও কোনো সুফল নোপোৱাত সোমবাৰৰ পুৱাই প্ৰতিবাদত মুখৰ হৈ পৰে কামপুৰবাসী ৰাইজ। ২০১৩-১৪ বিত্তীয় বৰ্ষত গাওঁ দুয়োখনৰ মাজৰে যোৱা পথটো প্ৰধানমন্ত্ৰী গ্ৰাম্য পথ যোজনা আঁচনিৰ অধীনত নিৰ্মাণৰ অনুমোদন লাভ কৰিছিল যদিও বিগত চাৰি বছৰে পথটো নিৰ্মাণ নোহোৱাৰ দাবী জনাই ‘আমাৰ ৰাস্তা হ'বই লাগিবই’, ‘PWD মূর্দাবাদ’ ‘আমাৰ দাবী মানিবই লাগিব’ আদি শ্ল’গানেৰে ৰাইজে পথ অৱৰোধ কৰে৷

প্ৰতিবছৰে জনপ্ৰতিনিধিয়ে নিৰ্বাচনৰ সময়ত বাট-পথ,দলং নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে যদিও আজিকোপতি কোনো ব্যৱস্থা লোৱা পৰিলক্ষিত হোৱা নাই৷ নগাঁও সমষ্টিৰ স্থানীয় বিধায়কৰ এনেবোৰ বাট-পথৰ ওপৰত কেতিয়া সুদৃষ্টি পৰিব? সোনকালে পথটো নিৰ্মাণ নকৰিলে জংগী আন্দোলন গঢ়ি তোলাৰো হুংকাৰ দিয়ে কামপুৰবাসী ৰাইজে।