নামতিঃ শিৱসাগৰ জিলাৰ নামতি গৰখীয়া নগৰত শনিবাৰে এটা অজগৰ উদ্ধাৰ হয়। অঞ্চলটোৰ গুণাৰাম গগৈ আৰু পাপু গগৈয়ে পুৱা বাৰীত বাঁহ কাঁটি থাকোঁতে বাঁহ গছ জোপাত অজগৰ সাপটো প্রত্যক্ষ কৰে আৰু দুয়োজনে সাহসেৰে সাপটো উদ্ধাৰ কৰি লগে লগে শিৱসাগৰ বন বিভাগত খবৰ দিয়ে।

প্রায় ৩ ঘন্টা পলমকৈ বন বিভাগৰ লোক উপস্থিত হৈ অজগৰটো চমজি লয়। অজগৰটো প্রায় ১৩ ফুট দীঘল পূর্ণ বয়স্কৰ বুলি বন বিভাগে জানিবলৈ দিছে। ইফালে শিৱসাগৰ বন বিভাগৰ কার্যালয়ৰ পৰা প্রায় ১৬ কিলোমিটাৰ দূৰত্বৰ গৰখীয়া নগৰত বন বিভাগৰ লোক পলমকৈ উপস্থিত হোৱাত স্থানীয় ৰাইজে ক্ষোভ ব্যক্ত কৰে।