
নগাঁওঃ ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত পুনৰবাৰ নিজৰ পাৰদৰ্শিতা প্ৰদৰ্শনৰ সুবিধা লাভ কৰিছে অসমৰ এগৰাকী মেধাবী ছাত্ৰই৷ নগাঁও চহৰৰ খ্ৰীষ্টজ্যোতি স্কুলৰ চতুৰ্থ শ্ৰেণীত অধ্যয়ণৰত এই ছাত্ৰ গৰাকী হৈছে মানস জ্যোতি দাস৷ গুৱাহাটী মহানগৰৰ খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় প্ৰেক্ষাগৃহত সদ্য অনুষ্ঠিত অষ্টম বাৰ্ষিক ৰাজ্যিক 'এৰেকাচ' প্ৰতিযোগিতাত Level-3 শাখাত অংশগ্ৰহন কৰি প্ৰথম স্থান অধিকাৰ কৰিবলৈ সক্ষম হয়৷
আলোহা টিনিট’টছ্ আসাম(Aloha Abacus Learning of Higher Arithmatic)ৰ দ্বাৰা আয়োজিত ৰাজ্যিক পৰ্যায়ৰ এই প্ৰতিযোগিতাত প্ৰথম স্থান অধিকাৰ কৰাৰ সুবাদত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতালৈ যোগ্যতা আহৰণ কৰিছে মানসে ৷ সেয়ে অহা ৩০ ডিচেম্বৰৰ পৰা সুদুৰ চেন্নাইত অনুষ্ঠিত হ’বলগীয়া ৰাষ্ট্ৰীয় পৰ্যায় প্ৰতিযোগিতাত নগঞা মেধাৱী ছাত্ৰ মানসে ভাগ ল’ব৷
নগাঁও চহৰৰ হয়বৰগাঁও নিবাসী মুকুট দাস আৰু নিবেদিতা দাসৰ পুত্ৰ মানসৰ এনে সফলতাত ছাত্ৰজনৰ অধ্যয়ণৰত স্কুলৰ লগতে সমগ্ৰ জিলাখনতে আনন্দমুখৰ পৰিবেশৰ সৃষ্টি হৈছে আৰু সকলোৱে চেন্নাইত পুনৰ সফল হৈ প্ৰথম স্থান অৰ্জনৰ আশা কৰিছে৷