
ৰঙিয়াঃ কামৰূপৰ ৰঙিয়াত দেওবাৰে ডিজিটেল কুইজ প্ৰতিযোগিতাত অনুষ্ঠিত হয়৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ দেশত ডিজিটেল পদ্ধতি ৰূপায়ণ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে ৰঙিয়াত প্ৰথমবাৰৰ বাবে ডিজিটেল পদ্ধতিত অনুষ্ঠিত হয় কুইজ প্ৰতিযোগিতা৷ ডিজিটেল পদ্ধতিয়ে অসমৰ গাঁৱে-ভূঞে প্ৰভাৱ পেলাবলৈ সক্ষম হৈছে ডিজিটেল কুইজ প্ৰতিযোগিতাই ইয়াৰ প্ৰমাণ কৰে৷
ৰঙিয়াৰ সংখ্যালঘু অধ্যুষিত অঞ্চল উদিয়ানাত দেওবাৰে উদিয়ানা ৰুৰেল ডেভলপমেন্ট অৰগেনাইজেছনৰ উদ্যোগত ৰঙিয়াত প্ৰথমবাৰৰ বাবে অনুষ্ঠিক হয় ডিজিটেল কুইজ প্ৰতিযোগিতা। উদিয়ানা বালিকা বিদ্যালয়ত অনুষ্ঠিত হোৱা কাৰ্যসূচীত পুৱাৰ ভাগত ৰঙিয়াৰ জ্যেষ্ঠ সাংবাদিক নছিউৰ ৰহমানে পতাকা উত্তোলনেৰে আৰু জ্যেষ্ঠ সাংবাদিক তাপস চামাদ্দাৰে বৃক্ষৰোপন কৰাৰ পিচতে অনুষ্ঠিত হয় কুইজ প্ৰতিযোগিতা।
আঞ্চলটোত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হোৱা কুইজ প্ৰতিযোগিতা উদ্বোধন কৰে ৰঙিয়াৰ উদিয়মান কবি প্ৰাঞ্জল ডেকাই। ৰঙিয়া গ্লোবেল কম্পিউটাৰ ইনষ্টিটিউতৰ সঞ্চালক গোলফাম আহমেদ উপস্থিত থকা অনুষ্ঠানটোত ৰঙিয়া মহকুমাৰ প্ৰায় শতাধিক প্ৰতিযোগিয়ে অংশগ্ৰহণ কৰে। আনহাতে উদিয়ানা ৰুৰেল ডেভলপমেন্ট অৰগাইজেছনৰ উদ্যোগত অনুষ্ঠিত হোৱা কুইজ প্ৰতিযোগিতাৰ পিছতে দিনৰ দুই বজাৰপৰা অনুষ্ঠিত হয় মুকলি সভা। মুকলি সভাত কুইজ প্ৰতিযোগিতাৰ স্থানপ্ৰাপ্ত দলসমূহক বঁটা প্ৰদান কৰা হয়।