নগৰবেৰাঃ ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লগতে কামৰূপৰ নগৰবেৰাতো শুকুৰবাৰৰ পৰা আৰম্ভ হয় ৰাস মহোৎসৱ৷ নগৰবেৰা ৰাস মহোৎসৱ সমিতিয়ে ৰাসৰ প্ৰস্তুতি সম্পূৰ্ণ হোৱা বুলি জানিবলৈ দিয়ে৷ ৮৫ সংখ্যক ৰাস আৰম্ভ শুকুৰবাৰৰ পৰা পোন্ধৰ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হ’ব৷

শুকুৰবাৰে নগৰবেৰা ৰাস উদ্ধধন কৰে অৱসৰপ্ৰাপ্ত শিক্ষক ৱাসীনি কুমাৰ দাসে৷ প্ৰতিদিনে বিভিন্ন কাৰ্যসুচীৰে অনুষ্ঠিত হ’বলগীয়া ৰাস মহোৎসৱত সকলো ৰাইজৰ সহায় সহযোগ কামনা কৰিছে উদযাপন সমিতিয়ে৷