নগাঁওঃ নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত জাজৰিৰ বগৰিগুৰি নিবাসী জ্যেষ্ঠ সাংবাদিক ৰাহুল দেৱ বৰদলৈ গুৰুতৰ ভাবে অসুস্থ হৈ পৰা বুলি জানিব পৰা গৈছে৷ শুকুৰবাৰে বিয়লি গুৰুতৰভাবে অসুস্থ হৈ পৰাত সাংবাদিক বৰদলৈক নগাঁও চহৰৰ ব্যক্তিগত চিকিৎসালয় মাৰ্চি হস্পিতালত ভৰ্তি কৰোৱা হৈছে। 

জানিব পৰা মতে, হঠাতে পেটৰ বিষ আৰু তীব্ৰ জ্বৰ হোৱাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ চিকিৎসকৰ পৰামৰ্শ অনুসৰি চিকিৎসালয়ত ভৰ্তি কৰায়। দীৰ্ঘদিন ধৰি সংবাদ ক্ষেত্ৰৰ লগত জড়িত হৈ থকা বৰদলৈয়ে জাজৰি প্ৰেছ ক্লাৱৰ সম্পাদকৰ দায়িত্ব পালন কৰি আহিছে৷ দৈনিক অগ্ৰদূত আৰু এদিনৰ সংবাদ কাকত আৰু ৱেব মিডিয়া newsnextone.comত স্থানীয় সংবাদদাতা হিচাপে সেৱা আগবঢ়াই আহিছে।

বৃহত্তৰ জাজৰি অঞ্চলৰ প্ৰায় সংখ্যক অনুষ্ঠান-প্ৰতিষ্ঠানৰ সৈতে জড়িত হৈ থকা বৰদলৈ এগৰাকী কবি, সাহিত্যিক, সংগীত শিল্পী আৰু সুবক্তা হিচাপেও পৰিচিত৷ ৰাহুল দেৱৰ অসুস্থতাৰ খবৰ পোৱা মাত্ৰকে বিভিন্ন জনে চিকিৎসালয়ত উপস্থিত হৈ স্বাস্থ্যৰ বুজ লয় আৰু জাজৰি, বটদ্ৰৱা, বেবেজীয়া, ধিং, নগাঁও প্ৰেছ ক্লাৱ, আপকুৰ নগাঁও জিলা সমিতি আদিৰ লগতে বিভিন্নজনে জেষ্ঠ সাংবাদিকজনৰ আশু আৰোগ্য কামনা কৰিছে। 

উল্লেখ্য যে, ইয়াৰ পূৰ্বে যোৱা ১৯ মাৰ্চতো সাংবাদিক বৰদলৈক শাৰীৰিক অসুস্থতাৰ বাবেই চিকিৎসালয়ত ভৰ্তি কৰাব লগা হৈছিল আৰু চিকিৎসকৰ তৎত্বাৱধানত কিছু পৰিমাণে সুস্থ হৈ উঠাত সাংবাদিকগৰাকীয়ে মাত্ৰ এসপ্তাহ পূৰ্বেহে ঘৰলৈ অনা হৈছিল৷ 

পুনৰ অসুস্থ হৈ পৰাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে যদিও আৰ্থিকভাবে দুৰ্বল সাংবাদিকগৰাকীৰ পৰিয়ালে চিকিৎসাৰ ক্ষেত্ৰত অৰ্থৰ অভাৱৰ বাবেই গভীৰ চিন্তাত পৰা বুলি জানিব পৰা গৈছে৷ যাৰ বাবে উন্নত চিকিৎসাৰ বাবে চৰকাৰৰ পৰা কিছু সহায়ৰ আশা কৰিছে সাংবাদিকগৰাকীৰ পৰিয়ালে৷