
ডিজিটেল ডেস্কঃ মধ্য প্ৰদেশৰ ৫ গৰাকী সাধু বাবাক ৰাজ্যিক মন্ত্ৰীৰ মৰ্যদা প্ৰদান কৰাৰ পাছৰে পৰা প্ৰতিক্ৰিয়া অব্যাহত আছে৷ এইবাৰ কংগ্ৰেছ অধ্যক্ষ ৰাহুল গান্ধীয়ে টুইট কৰি মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক তেওঁ মামা নামাৰে জনপ্ৰিয় বুলি ইতিকিং কৰে৷
बाबा कहते थे बड़ा काम करूँगा
— Rahul Gandhi (@RahulGandhi) April 5, 2018
नर्मदा घोटाला नाकाम करूँगा
मगर यह तो, मामा ही जाने
अब इनकी मंज़िल है कहाँ!
मध्य प्रदेश, क़यामत से क़यामत तकhttps://t.co/6GBkGkU8N8
ৰাহুলে টুইট কৰি কয় ‘‘বাবাই কৈছিল ডাঙৰ কাম কৰিম, নৰ্মদা ঘোটালা বিফল কৰিম, কিন্তু মামাই হে জানে লক্ষ্য কি? মধ্য প্ৰদেশ কয়ামত চে কয়ামত টক৷’’
হিন্দী বোলছবি ‘কয়ামত ছে কয়ামত টক’ৰ ‘পাপ্পা ক্যেহতে হ্যে বৰা নাম কৰুংগা, মাগৰ য়ে ত্যু’...শীৰ্ষক গীতটোৰে মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহানক টুইট আক্ৰমণ কৰে ৰাহুলে৷
মধ্য প্ৰদেশ চৰকাৰে ৫ গৰাকী সাধুক প্ৰতিমন্ত্ৰীৰ মৰ্যদা প্ৰদান কৰা বুলি যোৱা ০৪ এপ্ৰিলত পোহৰলৈ আহিছিল৷ সাধু বাবা নৰ্মদানন্দ মহাৰাজ, হৰিহৰনন্দা মহাৰাজ, কম্পিউটাৰ বাবা, ভাইয়ু মহাৰাজ আৰু পণ্ডিত যোগেন্দ্ৰ মহান্তক কেবিনেট মৰ্যদা প্ৰদান কৰা হয়৷ নৰ্মদা নদী ৰক্ষাৰ বাবে চৰকাৰে গঠন কৰা সমিতিত ৫ সাধু বাবাৰ নাম অন্তৰ্ভুক্ত কৰাৰ পাছতেই এই মৰ্যদা লাভ কৰে৷
এই সমিতিৰ নাম অন্তৰ্ভুক্ত হোৱাৰ লগে লগে প্ৰতিমন্ত্ৰীৰ মৰ্যদা দিয়া হয়৷ ইতিমধ্যে ধৰ্মীয় আৱেগ সৃষ্টি কৰি ৰাজনৈতিক মুনাফা লাভৰ চেষ্টা কৰা বুলি অভিযোগ উত্থাপন হৈছিল৷
কংগ্ৰেছ নেতা পংকজ চতুৰ্বেদীয়ে এয়া ৰাজনৈতিক খেলাৰ বাহিৰে আন একো নহয় বুলি কয়৷ মুখ্যমন্ত্ৰীয়ে ভাবিছে নিজৰ পাপ ধুই পেলাব পাৰিব৷ নৰ্মদা ৰক্ষাৰ নামত কি হৈছে সেই কথা চৰকাৰে নাজানে বুলিও কয় কংগ্ৰেছ নেতা পংকজে৷
মধ্যপ্ৰদেশ বিজেপিৰ মুখপাত্ৰ ৰদনীশ আগৰৱালাই সাধুৰ বাবে ভাল কৰিলে সেই কথা কংগ্ৰেছে ভাল নাপায় বুলি কয়৷ এই ৫ সাধু-সন্যাসীক প্ৰতিমন্ত্ৰীৰ মৰ্যদা দিয়াৰ ফলত চৰকাৰে নৰ্মদা ৰক্ষাৰ বাবে কাম কৰিব পাৰিব বুলি কয়৷