
খেৰণিঃ সদ্যঘোষিত জিলা পশ্চিম কাৰ্বি আংলঙৰ হামৰেণ চহৰত আজি উপস্থিত হ’ল ৰাজ্যৰ ৰাজ্যপাল বানৱাৰীলাল পুৰোহিত৷ উত্তৰ-পূৱ পৰিষদৰ অধীনত অতি শোচনীয় অৱস্থাত থকা বৈঠালাংছ’-হামৰেণ পথেৰে আহি আজি ৰাজ্যপাল গৰাকীয়ে কাৰ্বি পাহাৰৰ হামৰেণস্থিত আৱৰ্তভৱনত উপস্থিত হয়৷
উল্লেখ্য যে, এইদৰে কঠোৰ কষ্টৰে আৰু চৰকাৰী বাহনেৰে গুৱাহাটীৰ পৰা হামৰেণত উপস্থিত হোৱা ৰাজ্যপালগৰাকীক বিভিন্ন জাতি জনগোষ্ঠীৰ স্বকীয় সংস্কৃতিৰ মাজেৰে কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ অধ্যক্ষ হৰেনছিং বে, মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙকে আদি কৰি পৰিষদখনৰ আন আন কাৰ্যবাহী সদস্য আৰু পৰিষদীয় সদস্যসকলে উস্ম আদৰণী জনায়৷
ইয়াৰ উপৰিও আয়োজিত অনুষ্ঠানত পশ্চিম কাৰ্বি আংলঙৰ জিলা উপায়ুক্ত দিপক কুমাৰ বৰুৱা, আৰক্ষী প্ৰশাসনৰ প্ৰশাসনীয় বিষয়ববীয়াৰ লগতে বিভিন্ন বিভাগৰ উচ্চস্তৰীয় বিষয়ববীয়াসকল উপস্থিত থাকে৷
ইফালে ৰাজ্যপালগৰকীক শীঘ্ৰে এম অ এছ কাৰ্যকৰী কৰা, সংবিধানৰ ২৪৪ এ ধাৰা অনুযায়ী কাৰ্বি আংলঙক সুকীয়া ৰাজ্য শীঘ্ৰে প্ৰদান কৰা, দিছপুৰ হৈ লাভ কৰাৰ পৰিবৰ্তে কাৰ্বি আংলং স্বায়িত্ব শাসিত পৰিষদ যি পুঁজি লাভ কৰে, সেই পুজিঁ পোনপটীয়াভাৱে দিল্লীৰ পৰা দিফুলৈ প্ৰেৰণ কৰা আদিকে কৰি কেইবাদফীয়া দাবী সন্নিবিষ্ট এখন স্মাৰকপত্ৰ কাৰ্বি স্বায়ত্ব শাসিত পৰিষদৰ হৈ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙে প্ৰদান কৰে৷
কঠোৰ কষ্ট ত্যাগ কৰি আজি এইদৰে হামৰেণত উপস্থিত হোৱা ৰজ্যপালগৰকীয়ে বিধ্বস্ত বৈঠালাংছ’-হামৰেণ পথৰ অৱস্থা স্বয়ং দেখি যোৱাৰ পাছত পথটোৰ সন্দৰ্ভত কি ব্যৱস্থা গ্ৰহণ কৰে সেয়া এক গুৰুত্বপূৰ্ণ বিষয় হৈ পৰিছে বৃহত্তৰ অঞ্চলটোৰ ৰাইজৰ মাজত৷
আনহাতে এই অনুষ্ঠানৰ মজিয়াতে পশ্চিম কাৰ্বি আংলঙৰ অৰ্থনৈতিক অৱস্থা, উন্নয়ণ আৰু বিকাশ, জলন্ত সমস্যৰাজী আদি বিভিন্ন দিশ সম্পৰ্কেও পৰিষদীয় সজাতি দলৰ সৈতে আলোচনা কৰে ৰাজ্যপাল গৰাকীয়ে৷