
গুৱাহাটীঃ ৰাজ্যৰ হাজাৰ হাজাৰ লোক বানৰ কবলত পৰি আজিও হাহাকাৰ কৰি থাকিব লগা হৈছে৷ এটুপি পানী, এসাজ ভাত, সন্তানৰ কিতাপ-পত্ৰ, কাপোৰ-কানি সকলো হেৰাই চকুলো টুকি দিন পাৰ কৰিব লগা হৈছে হাজাৰ হাজাৰ লোকে৷ জাতি-মাটি-ভেটিৰ সুৰক্ষা দিয়াৰ প্ৰতিশ্ৰতি দি শাসনৰ গাদীলৈ অহা বিজেপি চৰকাৰে অসমৰ থলুৱা ভূমি পুত্ৰক সুৰক্ষা দিয়াত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপন হয়৷
অসমৰ জনসাধৰণৰ জীৱন-সম্পত্তী সৰক্ষা দিয়াক ব্যৰ্থ হোৱা চৰকাৰ খনে বানৰ কবলত পৰি ককবকাই থকা লোকক পৰ্যাপ্ত সাহায্য দিয়াত ব্যৰ্থ হোৱাৰ অভিযোগ উত্থাপিত হয়৷ ব্ৰহ্মপুত্ৰ নদীৰ লগতে ৰাজ্যৰ উপ-নৈ সমূহৰ বাঢ়নী পানীয়ে ৰাজ্যত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰে৷ বাঢ়নী-পানীয়ে হাজাৰ হাজাৰ লোকৰ ঘৰ-বৰ বুৰাই পেলোৱাত আশ্ৰয় শিবিৰত থকা লোককো ৰাজ্য চৰকাৰে খাদ্য, সামগ্ৰী, কাপোৰ, ত্ৰিপাল আদি দিয়াত ব্যৰ্থ হয়৷
শ শ কৃষকৰ খেতি পথাৰ বালিয়ে পুতি পেলায়৷ বহু ধান খেতি মৰাপাট খেতি পানীৰ তলত থাকি নষ্ট হৈ যায়৷ ৰাজ্যৰ দল-সংগঠনে বান সাহায্য তথা কৃষকক সহায় কৰাৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিব লগা হয়৷ তাৰ মাজতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে আজি মহানগৰীৰ দীঘলীপুখুৰী পাৰত প্ৰতিবাদ সাব্যস্ত কৰে৷ কেইবাসহস্ৰাধিক লোকে বান সাহ্য প্ৰদানৰ দাবীত কঁপাই তোলে দীঘলীপুখুৰী পাৰ৷ শদিয়াৰ পৰা ধুবুৰীলৈ বানপীড়িত লোকসকল কৃষক মুক্তি সংগ্ৰাম সমিতিৰ আহ্বানত ওলাই আহে৷
পুৱাৰে পৰা দীঘলীপুখুৰী পৰাত সমৱেত হৈ এটি সমদল উলিয়ায় ৰাজ্য চৰকাৰৰ বিৰুদ্ধে তথা বান সাহায্য প্ৰদানৰ দাবীত বিভিন্ন শ্ল’গানেৰে উত্তাল কৰি তোলে মহানগৰীৰ আকাশ বতাহ৷ কৃষক ন্তা অখিল গগৈৰ নেতৃত্বত ওলাই অহা লোকসকলে বান-গৰাথহনীয়াৰ স্থায়ী সমাধান বিছাৰি ওলাই আহে৷ বান খহনীয়া সমস্যাৰ স্থায়ী সমাধান, উপয়ুক্ত ক্ষতিপুৰণ প্ৰদান, বেংকৰ ঋণ মাফ কৰাৰ দাবীত কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বত ওলাই অহা লোকসকলে ৰাজ্য চৰকাৰৰ বিৰুদ্ধে ক্ষোভিত হৈ পৰে৷
চৰকাৰে বান সাহায্যৰ নামত ৰামঠগন দিয়া বুলি অভিযোগ কৰে প্ৰতিবাদকাৰীয়ে৷ আনহাতে বানৰ কবলত পৰি সকলো হেৰুওৱা কৃষক সকলক গুৰুত্ব নিদিয়াৰ অভিযোগ কৰে প্ৰতিবাদকাৰীসকলে৷ প্ৰতিবাদকাৰীয়ে বানৰ কবলত পৰি খেতি পথাৰ নষ্ট হোৱা খেতিয়কসকলক ক্ষতিপুৰণ দিয়াৰ লগতে কৃষক সকলৰ সকলো ঋণ মাফ কৰাৰ দাবী জনায়৷ সমাবেশ আৰু সমদল কাৰ্যসুচাৰ নেতৃত্ব দিয়া কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈয়ে ৰাজ্য চৰকাৰক শীঘ্ৰে কৃষকৰ ঋণ মাফ কৰি দিয়াৰ দাবী জনায়৷ ৰাজ্য চৰকাৰে দীনদয়ালৰ পিছত পৰাতকৈ বানৰ কবলত পৰি হাহাকাৰ কৰি থকা লোকসকলক সহায় কৰক বুলি কটাক্ষ কৰে গগৈয়ে৷