
ডিজিটেল ডেস্কঃ মোডী চৰকাৰৰ নাম সলনি কৰি 'প্ৰশ্ন কাকত ফাদিল’ চৰকাৰ নাম দিয়াৰ আহ্বান জনাই বিজেপি চৰকাৰক কটাক্ষ কৰিছে কংগ্ৰেছ দলে। দেশত সম্প্ৰতি চৰ্চাৰ বিষয় হৈ পৰিছে প্ৰশ্নকাকত ফাদিল হোৱাৰ দুৰ্ভাগ্যজনক ঘটনা।
अबकी बार, पेपर लीक सरकार !
— Randeep Singh Surjewala (@rssurjewala) March 28, 2018
पहले, SSC पेपर लीक ने 2 करोड़ नौजवानों के भविष्य पर लगाया प्रश्न चिन्ह और अब CBSE दसवीं व बारहवीं का पेपर हुआ लीक!
लाखों युवाओं का भविष्य अधर में!
शिक्षा माफ़ियाँ के व्यारे-नारे!
युवा फिर रहें मारे-मारे!
मोदी जी जवाब दें? pic.twitter.com/BwahyeEOwE
তাৰ মাজতে, কংগ্ৰেছ নেতা ৰণদ্বীপ সূৰ্যৱালাই টুইট কৰি এছএচচিৰ কেলেংকাৰীৰ পৰা আৰম্ভ কৰি চিবিএচচিলৈকে প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনাক কেন্দ্ৰ কৰি দেশৰ ২ কোটি যুৱপ্ৰজন্মৰ জীৱন অন্ধকাৰলৈ ঠেলি দিয়া ঘটনাই সমগ্ৰ দেশকে জোকাৰি যোৱা বুলি কৈ এইবাৰ চিবিএচচি পৰীক্ষাত অৱতীৰ্ণ হোৱা লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ ভৱিষ্যতৰ সৈতে খেলা খেলিছে বুলি বিজেপি চৰকাৰক কটাক্ষ কৰে।
টুইট কৰি বিজেপিক সমালোচনা কৰি কংগ্ৰেছ নেতা ৰণদ্বীপ সূৰ্যৱালাই। বিজেপি চৰকাৰ অহাৰ পিছৰে পৰা দেশত সঘনাই এনেবোৰ ঘটনা সংঘটিত হ’বলৈ ধৰিছে বুলি কৈ এচএচচি কেলেংকাৰীৰ ঘটনাৰ বিতৰ্ক মাৰ নৌযাওতেই এইবাৰ অপ্ৰত্যাশিতভাবে চিবিএচচিৰ প্ৰশ্নকাকত ফাদিলৰ ঘটনা সংঘটিত হৈছে বুলি কয়।
উল্লেখ্য যে বুধবাৰে চিবিএচচি পক্ষই দশমমানৰ গণিত আৰু দ্বাদশ শ্ৰেণীৰ অৰ্থনীতি বিজ্ঞানৰ পৰীক্ষা পুনৰাই পতাৰ কথা চিবিএচচি ব’ৰ্ডৰ ৱেবচাইটত সদৰি কৰিছে যদিও পৰীক্ষাৰ তাৰিখ নিৰ্ধাৰণ কৰা হোৱা নাই।