12
Dec
2017

গোলাঘাটঃ গোলাঘাট জিলাৰ ৰঙামাটিত শোকাৱহ পথ দুৰ্ঘটনা সংঘটিত হৈ লোজন লোকৰ মৃত্যু হোৱাৰ লগতে দুগৰাকী শিশু আহত হয়৷ জানিব পৰা মতে, চাহ বাগিচাৰ পৰা কাম কৰি আহি থকা অৱস্থাত এগৰাকী লোকে স্কুটিৰে কেইবাগৰাকী লোকক খুন্দা মাৰে৷
ফলত কেইবাগৰাকী শ্ৰমিক আহত হয় যদিও ৰামেশ্বৰ ভূঞা নামৰ লোক জনৰ মৃত্যু হয়৷ আনহাতে দুবছৰীয়া শিশু মাইনা মিৰ্ধা আৰু নৱজ্যোতি দুৱৰাক স্থানীয় লোকে ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰে। স্কুটী আৰোহী নৱজ্যোতি দুৱৰাই দুৰ্ঘটনা সংঘটিত কৰি পলায়ণ কৰিব বিছাৰিছিল যদিও ৰাইজৰ হাতত ধৰা পৰে৷