newsnextone.com | তেজপুৰঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে উত্তাল হৈ আছে৷ মঙলবাৰেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেইবাটাও জাতীয়-জনগোষ্ঠীয় সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে৷ বিভিন্ন প্ৰান্তৰ লগতে শোণিতপুৰ জিলাৰ বালিপৰাত ছাত্ৰ সন্থাই বিধেয়ক খন বাতিলৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰে৷

সদৌ অসম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবীত আৰু অসম চুক্তি ৰূপায়নৰ দাবীত ৰঙাপৰা আঞ্চলিক ছাত্ৰ সন্থাই গণ অনশন কাৰ্যসূচী পালন কৰে৷ অসম চুক্তি ৰূপায়ণ, খিলঞ্জীয়াক সাংবিধানিক সুৰক্ষা প্ৰদান, ভাৰত-বাংলাদেশ সীমান্ত ছীল কৰাৰ দাবী জনাই গণ অনশন কাৰ্যসূচীৰ দ্বাৰা৷

শোণিতপুৰৰ ৰঙাপৰাত ৰঙাপৰা আঞ্চলিক ছাত্ৰ সন্থাই জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিল কৰাৰ দাবী জনাই অনশন কাৰ্যসূচী ৰূপায়ন কৰে পুৱা ৮ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ৷ ৰঙাপৰা চহৰৰ মাজমজিয়াত আছুৰ শতাধিক নেতা-কৰ্মীয়ে অনশনত বহে।