
ডিফুঃ বকলিয়া ঘাটৰ "চিংথুৰ" প্ৰকাশনৰ উদ্যোগত ২০১৯ বৰ্ষৰ বাবে ৰংবং তেৰাঙ সমন্বয় বঁটা বিশিষ্ট সাহিত্যিক আৰু সাংবাদিক হোমেন বৰগোহাঞিলৈ আগবঢ়োৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে৷ কাৰবি আংলং জিলাৰ ডিফুস্থিত জিলা প্ৰেছ ক্লাবত আয়োজিত এক সংবাদমেলত এই সিদ্ধান্তৰ বিষয়ে সদৰি কৰে চিংথুৰ প্ৰকাশনৰ হৈ বিশ্বজ্যোতি হাজৰিকা, জিলা সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ভবেশ ৰাজবংশী, ডকমকাৰ থং নক্ বে মহাবিদ্যালয়ৰ অধ্যাপক ভবেন কোঁচ আৰু জ্যেষ্ঠ সাংবাদিক সঞ্জু বৰাই৷
উল্লেখযোগ্য যে, চিংথুৰ প্ৰকাশনে ২০১৭ বৰ্ষৰপৰা কাৰবি আংলঙৰ গৌৰৱ, জীৱন্ত কিংবদন্তি, ৰংমিলিৰ হাঁহিৰ স্ৰষ্টা পদ্মশ্ৰী ৰংবং তেৰাঙৰ জন্মদিৱসৰ লগত সংগতি ৰাখি এই বঁটা প্ৰদান কৰি আহিছে৷ ২০১৭ বৰ্ষত এই বঁটা প্ৰদান কৰা হৈছিল লোক সংস্কৃতিৰ গৱেষক পণ্ডিত ড: বীৰেন্দ্ৰ নাথ দত্ত, ২০১৮ বৰ্ষত অৰুণাচলৰ বিশিষ্ট সাহিত্যক য়েছে দৰজি ঠংচিক আৰু ২০১৯ বৰ্ষৰ তৃতীয়বাৰৰ বাবে এই বঁটা অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, বিশিষ্ট সাহিত্যিক, গল্পকাৰ ঔপন্যাসিক, প্ৰৱন্ধকাৰ, সাংবাদিক আৰু বিশিষ্ট বুদ্ধিজীৱী হোমেন বৰগোহাঞিলৈ প্ৰদান কৰা হ’ব বুলি জানিব পৰা গৈছে৷
১২ জানুৱাৰীত বকলিয়াঘাটৰ এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত ৰংবং তেৰাঙৰ উপস্থিতিত এই বঁটা প্ৰদান কৰা হ’ব৷ এই বঁটাত নগদ ধনৰ লগতে স্থানীয় লেখক সকলৰ কিতাপৰ টোপোলা, প্ৰশস্তি পত্ৰ, জাম্বিলী আথন, পহ' জাম্বৰং আদি কৰি কাৰবি জাতীয় সাজ-পাৰ প্ৰদান কৰা হ’ব বুলি চিংথুৰ সমিতিয়ে জানিবলৈ দিয়ে৷
উক্ত অনুষ্ঠানত বিশ্বজ্যোতি হাজৰিকাৰ দ্বাৰা সম্পাদিত ৰংবং তেৰাঙৰ প্ৰবন্ধ সংকলনৰ তৃতীয় খণ্ড আৰু ভবেন কোঁচৰ উপন্যাস "পৃথিৱীৰ অতিথি" উন্মোচন কৰা হ’ব৷