ৰঙিয়াঃ সদৌ অসম কৰ্মচাৰী পৰিষদৰ আহ্বান ক্ৰমে বুধবাৰে ৰঙিয়াত কৰ্মচাৰী পৰিষদৰ তিনিঘন্টীয়া অৱস্থান ধৰ্মঘট কৰা হয়৷

আজি দিনৰ ১১ বজাৰপৰা ২ বজালৈ এই কাৰ্য্যসূচী ৰূপায়ন কৰা হৈছে৷ আনহাতে, পৰিষদৰ উদ্যোগত মহকুমাধিপতিৰ কাৰ্যালয়ৰ সন্মুখত অৱস্থান ধৰ্মঘট কাৰ্যসূচীৰে প্ৰতিবাদকাৰীয়ে প্ৰতিবাদ কৰে৷ 

ৰঙিয়াৰ সকলো বিভাগৰ কৰ্মচাৰী, কেইবাটাও ছাত্ৰ সংগঠনৰ সহযোগত ৰঙিয়াৰ প্ৰতিখন বিদ্যালয়ৰ শিক্ষক কৰ্মচাৰী উপস্থিত এই প্ৰতিবাদ সাব্যস্ত কৰা হৈছে বুলি জানিব পৰা গৈছে৷