
ৰঙিয়াঃ বুধবাৰে পুৱাই ৰঙিয়াত ঘাই পথ প্ৰাধিকৰণৰ বিৰুদ্ধে ঘাই পথ অৱৰোধ কৰি উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে ৰাইজে৷ গৰিয়া যুৱ-ছাত্ৰ পৰিষদ, আক্ৰাছু আৰু কলিতা জনগোষ্ঠী ছাত্ৰ সন্থাৰ নেতা-কৰ্মীয়ে উত্তাল প্ৰতিবাদ সাব্যস্ত কৰি ৩১নং ৰাষ্ট্ৰীয় ঘাই পথ নিৰ্মাণৰ সৈতে জৰিত পুঞ্জলয়ড নামৰ কোম্পানীৰ বিৰুদ্ধে ক্ষোভ ব্যক্ত কৰে৷
ৰঙিয়াৰ চেপ্তিত ৩১নং ৰাষ্ট্ৰীয় ঘাই পথ অৱৰোধ কৰি সংগঠন তিনিটাই পুঞ্জলয়ড কোম্পানীয়ে ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণত ব্যাপক দুৰ্নীতি সংঘটিত কৰা বুলি অভিযোগ উত্থাপন কৰে৷ অত্যন্ত আসোৱাহপূৰ্ণ কাম কৰাৰ ফলত সঘনাই পথ দুৰ্ঘটনা সংঘটিত হৈ আহিছে বুলি কয় সংগঠন তিনিটাই৷
পথৰ দুয়োকাষে চাৰ্ভিছ পথ নিৰ্মাণ, ডিভাইডাৰ নিৰ্মাণ, আধৰুৱা কাম সম্পূৰ্ণ কৰা, নলা নিৰ্মাণ কৰাৰ দাবী জনাই সংগঠন তিনিটাই৷ তিনিওটা সংগঠনে প্ৰায় এঘন্টা ধৰি পথ অৱৰোধ কৰি পুঞ্জলয়ড কোম্পানী হুচিয়াৰ, শীঘ্ৰে চাৰ্ভিচ ৰোড নিৰ্মাণ কৰক, ৰাষ্ট্ৰীষ ঘাইপথ কৰ্তৃপক্ষ হায় হায় আদি শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে৷ প্ৰতিবাদস্থলিত ৰঙিয়াৰ ৰাজহ চক্ৰ বিষয়া উপস্থিত হৈ দাবীসমূহ সমাধান কৰাৰ আশ্বাস দিয়ে৷