
ৰঙিয়াঃ ৰাজ্যৰ শিক্ষামন্ত্ৰীয়ে শিক্ষকক কাঠগড়াত থিয় কৰোৱাই প্ৰশ্ন কৰাতো অসমৰ বাবে দুৰ্ভাগ্যজনক৷ এনে কৰাতকৈ শিক্ষামন্ত্ৰীগৰাকীয়ে সময়মতে বিদ্যালয় সমূহত পাঠ্যপুথি যোগান ধৰা, বিদ্যালয়ৰ আন্তঃগাঠনি উন্নয়নত গুৰুত্ব দিলে শিক্ষাৰ পৰিৱেশ যথেষ্ট উন্নত হ’লহেতেন৷ এই মন্তব্য আছুৰ কেন্দ্ৰীয় সম্পাদক লুৰিণ জ্যোতি গগৈৰ৷
আজি ৰঙিয়া আছুৱে কৃতী ছাত্ৰ-ছাত্ৰীক সম্বৰ্ধনা জনাবলৈ অনুষ্ঠিত কৰা এখন সভাত অংশ গ্ৰহণ কৰিব ছাত্ৰ নেতাগৰাকীয়ে মুখ্যমন্ত্ৰীয়ে কোৱাৰ দৰে ছাত্ৰ কেন্দ্ৰীক শিক্ষা ব্যৱস্থাক আছুৱে আদৰণি জনোৱা বুলি কয়। ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাই ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত-বীৰদত্ত ভৱনত অনুষ্ঠিত কৰা কৃতী শিক্ষাৰ্থীক সম্বর্ধনা অনুষ্ঠানত অংশ গ্ৰহণ কৰি আছুৰ সম্পাদক গৰাকীয়ে বানপানীৰ সমস্যাটো ৰাষ্ট্ৰীয় সমস্যা হিচাপে ঘোষণা কৰাৰ ক্ষেত্ৰত চৰকাৰৰ আপত্তি কিহত বুলি প্ৰশ্ন কৰে৷
বানত বহু লোকে মৃত্যুক সাৱতি লোৱাৰ পিছত ৰাজ্য চৰকাৰে যি ধৰণে ব্যৱস্থা ল'ব লাগিছিল তেনে ধৰণে ব্যৱস্থা লোৱা নাই বুলি ৰাজ্য চৰকাৰৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰে। ৰাজ্য তথা কেন্দ্ৰত এটা দলৰে চৰকাৰ থকাৰ পিছটো কিয় চৰকাৰে বানত ককবকাই থকা পৰিয়ালসমূহক পৰ্যাপ্ত পৰিমাণৰ সাহাৰ্য্য দিব পৰা নাই বুলিও তেওঁ প্ৰশ্ন কৰে।
কেন্দ্ৰীয় চৰকাৰে জম্মু কাশ্মীৰত বানপানী হ'লে অধিক মাত্ৰাত বান সাহায্য দিয়ে৷ কিন্তু অসমৰ বাবে সেইটো নকৰে বুলি ক্ষোভ প্ৰকাশ কৰে আছু নেতাগৰাকীয়ে। "কাশ্মীৰত বান হ'লে কেন্দ্ৰৰ চকুলো বৈ আহে আৰু অসমত বান হ'লে বুঢ়া আঙুলি দেখুৱাই দিয়ে।"-লুৰিণজ্যোতিয়ে কয়।
ৰঙিয়া আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি জিতু ডেকাৰ সভাপতিত্বত অনুষ্ঠিত সম্বৰ্ধনা সভাত কামৰূপ জিলাৰ উপায়ুক্ত বিনোদ চেচান, ৰঙিয়া মহকুমাৰ মহকুমাধিপতি মুনীন্দ্ৰ বৰদলৈ, ৰঙিয়া মহাবিদ্যালয়ৰ অধ্যক্ষ দক্ষেশ্বৰ ডেকা, অসম কলেজ কৰ্মচাৰী সন্থাৰ সম্পাদক ৰমণী ৰাজবংশী, আছুৰ তথ্য সম্পাদক প্ৰকাশ দাস, কাৰ্য্যলয় সম্পাদক ধৰ্মেশ্বৰ দাস, ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ সভাপতি হেমেন দাস, সম্পাদক হেমন্ত দাস উপস্থিত থাকে।
অভিনন্দন অনুষ্ঠানৰ শুভ উদ্বোধন কৰে আছুৰ কামৰূপ জিলা সমিতিৰ সভাপতি ধীৰাজ ৰাজবংশীয়ে। অনুষ্ঠানটোত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষাত ৰঙিয়াৰ অঞ্চলৰ পৰা সুখ্যাতিৰে উত্তীৰ্ণ ১১৪ গৰাকী ছাত্ৰ-ছাত্ৰীক মান পত্ৰ, গামোছা আৰু জাপিৰে সম্বৰ্ধনা জনোৱা হয়।