newsnextone.com | ৰঙিয়াঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বৃহস্পতিবাৰে ৰঙিয়া মহকুমা ছাত্ৰ সন্থাই ৰঙিয়াত জোঁৰ সমদল উলিয়াই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে৷ মহকুমা ছাত্ৰ সন্থাৰ ১০টা আঞ্চলিকৰ নেতা-কৰ্মী তথা কেইবাশতাধিক ৰাইজে চৰকাৰ বিৰোধি শ্ল’গানেৰে আকাশ বতাহ কঁপাই তোলে৷

ৰঙিয়া মহকুমা ছাত্ৰ সন্থা, কামৰূপ জিলা ছাত্ৰ সন্থাৰ বিষয়-বববীয়াৰ উপস্থিতিত ৰঙিয়া ব্যৱসায় সন্থা, গৰিয়া যুৱ-ছাত্ৰ পৰিষদ আদি সংগঠনৰ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে সমদলত৷

ৰঙিয়াৰ ঐতিহাসিক হৰদত্ত বিৰদত্ত ভৱনৰ সন্মুখৰ পৰা উলিওৱা সমদলত প্ৰতিবাদকাৰীসকলে নাগৰিকত্ব সংশোধনী বিধেয়ক বাতিলৰ দাবী জনায়৷ বিধেয়কখন বাতিল কৰাৰ বাবে চৰকাৰক দাবী জনাই ছাত্ৰ সংগঠনটোৰকেন্দ্ৰীয় সমিতিৰ তথ্য আৰু কাৰ্যালয় সম্পাদক ধৰ্মেশ্বৰ দাসে কয় যে ৰাজ্য তথা কেন্দ্ৰীয় চৰকাৰে নাগৰিকত্ব সংশোধনী বিধেয়কৰ ক্ষেত্ৰত যি ধৰণৰ স্থিতি গ্ৰহণ কৰিছে ইয়াকেলৈ অসমৰ ৰাইজ সন্তুষ্ট হ’ব পৰা নাই। 

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে জনাটো দৰকাৰ তেওঁ এজন অসমীয়া, অসমীয়া জতিৰক্ষাৰ দায়িত্ব তেওঁৰ আছে। মুখ্যমন্ত্ৰীগৰাকীয়ে অসমীয়াৰ আবেগ অনুভূতি বুজাটো প্ৰয়োজন বুলি আছু কয় দাসে। আছুৰ কামৰূপ জিলা সমিতিৰ নৱনিৰ্বাচিত সম্পাদক হেমন্ত দাস, উপদেষ্টা ধিৰাজ ৰাজবংশী, ৰঙিয়া ব্যৱসায় সন্থাৰ সম্পাদক মজিবুদ্দিন আহমেদ, গৰিয়া যুৱ-ছাত্ৰ পৰিষদৰ উপ-সভাপতি আজিজুৰ ৰহমান উপস্থিত থাকে।