ৰঙিয়াঃ ৰঙিয়াৰ মাজেৰে যোৱা ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ বালাগাঁৱত দেওবাৰে সংঘটিত হয় এক পথ দুৰ্ঘটনা। এই দুৰ্ঘটনাত স্কুটিত অহা এজন স্কুলীয়া ছাত্ৰ গুৰুতৰভাৱে আহত হয়।

ঘটনাৰ বিষয়ে জানিব পৰা মতে দিনৰ ১১ বজাত ৰঙিয়া বালাগাঁৱত ইনামুল ইছলাম নামৰ স্থানীয় ছাত্ৰ এজনে স্কুটিৰে পথ অতিক্ৰম কৰিব ধৰোঁতে গুৱাহাটীৰ ফালৰপৰা তীব্ৰ গতিত অহা এখন ৱেগনাৰ গাড়ীয়ে খুন্দা মাৰে। ফলত ছাত্ৰজন কিছু দূৰলৈ চিটিকিগৈ গুৰুতৰভাৱে আহত হয়।

লগে লগে তেওঁক ৰঙিয়া সামূহিক চিকিৎসালয়লৈ নিয়া হয় যদিও স্বাস্থ্যৰ অধিক অৱনতি ঘটাত উত্তৰ গুৱাহাটীৰ জি এন আৰ চিলৈ নিয়া হয় যদিও চিকিৎসালয়খনে ৰাখিবলৈ অমান্তি হোৱাত গুৱাহাটীৰ আয়ুৰচন্দ হাস্পাতালত ভৰ্তি কৰোৱা হয়।

ইফালে দুৰ্ঘটনা সংঘটিত কৰা গাড়ীখন আৰক্ষীয়ে জব্দ কৰে। ঘটনাটো সংঘটিত হোৱাৰ পাছতে উত্তেজিত ৰইজে ৰাষ্ট্ৰীয় ঘাইপথটো কিছু সময়ৰ বাবে অৱৰোধ কৰে। উত্তেজিত ৰাইজে ৰাষ্ট্ৰীয় ঘাইপথটো অৱৰোধ কৰি ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাৰ সংস্থাৰ বিৰিদ্ধে প্ৰতিবাদ কৰাত ঘটনাস্থলীত ৰঙিয়াৰ মহকুমাধিপতিৰ লগতে মহকুমা আৰক্ষী বিষয়াগৰাকী উপস্থিত হৈ ৰাইজৰ লগত আলোচনা কৰি প্ৰতিশ্ৰুতি দিয়াত ৰাইজ ক্ষান্ত হয়।

ইফালে শনিবাৰেও ৰাষ্ট্ৰীয় ঘাইপথৰ চেপ্তিত সংঘটিত হোৱা এক পথ দুৰ্ঘটনাৰ পাছত উত্তেজিত ৰাইজক দিয়া প্ৰতিশ্ৰুতিৰ দৰে মহকুমা প্ৰশাসনে সোমবাৰে চেপ্তি চ’কত ৰাইজ, পথ নিৰ্মাণ সংস্থা, আৰু প্ৰশাসনৰ মাজত হ’বলগীয়া আলোচনাত প্ৰতিবাদী ৰাইজক উপস্থিত থাকিবলৈ অনুৰোধ জনায় মহকুমাধিপতিগৰাকীয়ে। এনেদৰে অনুৰোধ জনোৱাৰ পাছতে প্ৰতিবাদী ৰাইজ শান্ত হয়।