04
Oct
2017

ৰঙিয়াঃ স্বচ্ছ ভাৰত অভিযানত নামিল ৰঙিয়া পৌৰসভা৷ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে সমগ্ৰ ভাৰত বৰ্ষ খনকে স্বচ্ছ কৰাৰ চেষ্টা অব্যাহত ৰখাৰ সময়তে ৰঙিয়াত পৌৰসভাই বুধবাৰে পুৱাৰে পৰা চহৰৰ সাপ্তাহিক বজাৰৰ সমীপৰ জাৱৰ-জোথৰ পৰিস্কাৰ কৰে৷
জেচিবেৰে বুধবাৰে পুৱাৰে পৰা পৌৰ সভাই চাফাই অভিযান চলাই৷ ৰঙিয়া পৌৰসভাৰ অধিনৰ ৰঙিয়া সাপ্তাহিক বজাৰত জাৱৰত দম হৈ থকাত ৰাইজৰ আহ-যাহ কৰাত ব্যাপক সমস্যাত পৰিছিল ৰাইজ৷ তাৰ মাজতে ৰঙিয়া পৌৰসভাই বুধবাৰে হাতে-কামে লগা পৰিলক্ষিত হৈছে৷