27
Nov
2017

তুলসীবাৰী/ৰঙিয়াঃ ৰঙিয়া জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত স্থানীয় ষ্টেডিয়ামত চলি থকা ফুটবল লীগ প্ৰতিযোগিতাত দেওবাৰে অনুষ্ঠিত হোৱা ফাইনেল খেলখনত ৰঙিয়া টাউন ক্লাবে ঢোলকুছি ট্ৰাইবেল সংঘক পৰাস্ত কৰি টাউন ক্লাবে চেম্পিয়ন হয়।
উত্তেজনাময় খেল খনৰ দ্বিতীয়াৰ্ধৰ ৫৩ মিনিটত টাউন ক্লাবৰ ৬নং জাৰ্চি পৰিহিত মহেন্দ্ৰ বড়োৱে দিয়া একমাত্ৰ গলটোৱে দলটিক এই বৰ্ষৰ লীগ চেম্পিয়ন কৰে। খেল খন পৰিচালনা কৰে ৰেফাৰী পহৰেদ আলী আহমেদে, তেওঁক লাইনত সহায় কৰে উমেশ শালৈ আৰু কামেশ্বৰ মেধিয়ে। ফাইনেল খেলখনৰ বটাঁ বিতৰণ অনুষ্ঠানত উপস্থিত থাকে জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক দিলীপ চৌধুৰী, ফুটবল সম্পাদক নাৰায়ণ বড়ো, টাউন ক্লাবৰ বিষয়-ববীয়া সঞ্জয় তালুকদাৰ, জিত ভট্টাচাৰ্য আৰু সমীন ডেকাই।