newsnextone.com | ৰঙিয়াঃ শনিবাৰে কামৰূপৰ ৰঙিয়াত ৰঙিয়া-দৰঙা পৰিবহন সন্থা আৰু ৰঙিয়া মহকুমা মটৰ শ্ৰমিক ইউনিয়নৰ উদ্যোগত পেট্ৰ’ল, ডিজেল আৰু ৰন্ধন গেছৰ অভাৱনীয় মূল্যবৃদ্ধিৰ বিৰুদ্ধে ৰঙিয়াৰ বেচৰকাৰী বাছ আস্থানত ধৰ্ণা কাৰ্যসূচী ৰূপায়ন কৰে৷ মটৰ শ্ৰমিকে নৰেন্দ্ৰ মোডী চৰকাৰ মুৰ্দাবাদ, পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধি ৰোধ কৰক, সৰ্বসাধাৰণ ৰাইজৰ ওপৰত মাধমাৰ দিয়া নচলিব, বিজেপি হায় হায় আদি ধ্বনি দি পৰিৱেশ উত্তাল কৰি তোলে৷ 

বাছ আস্থানত ৰঙিয়া-দৰঙা পৰিবহন সন্থাৰ সভাপতি হৰিদেৱ দাসৰ সভাপতিত্বত এখন প্ৰতিবাদী সভা অনুষ্ঠিত হয়৷ ৰঙিয়া মহকুমা মটৰ শ্ৰমিক ইউনিয়নৰ সম্পাদক গোলাপ দাসে উদ্দেশ্য ব্যাখ্যা কৰা সভাত ভাষণ দি প্ৰাক্তন শিক্ষামন্ত্ৰী থানেশ্বৰ বড়োৱে কয় যে কেন্দ্ৰৰ বিজেপি চৰকাৰে তেওঁলোকৰ পূৰ্বৰ প্ৰতিশ্ৰুতি পাহৰি জনসাধাৰণৰ স্বাৰ্থৰ বিপৰীতে কাম কৰিবলৈ লৈছে। বজাৰত নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ ফলত সাধাৰণ ৰাইজে ত্ৰাহি মধুসুদন সুঁৱৰিবলগীয়াত পৰিছে। 

দৰিদ্ৰ ৰাইজে মূল্যবৃদ্ধিৰ বাবে দুবেলা দুমুঠি পেট পুৰাই খোৱাটোৱেই টান হৈ পৰিছে৷ পৰিতাপৰ কথা এয়ে যে পূৰ্বৰ চৰকাৰৰ দিনত ঘটা মূল্যবৃদ্ধিৰ সময়ত বৰ্তমানৰ শাসকীয় দলৰ যিসকল মন্ত্ৰী বিধায়কসকলে প্ৰতিবাদ সাব্যস্ত কৰি ৰাজপথ উত্তাল কৰিছিল সেইসকলে আজি অবাধ মূল্যবৃদ্ধিৰ সময়ত মৌনব্ৰত ধাৰণ কৰিছে৷ ইমানৰ পিছতো কিন্তু দেশৰ প্ৰধানমন্ত্ৰীগৰাকী নিৰ্বিকাৰ৷ নিতৌ নতুন নতুন দেশ ভ্ৰমণ কৰাতহে তেওঁ ব্যস্ত৷ জনসাধাৰণৰ দুখ দুৰ্দশাৰ প্ৰতি তেওঁৰ অকনমানো অনুকম্পা নাই৷ দেশৰ জনতাৰ আগত কেন্দ্ৰৰ বিজেপি চৰকাৰখনৰ প্ৰকৃত স্বৰূপ নগ্নভাৱে ওলাই পৰিছে বুলি কয় থানেশ্বৰ বড়োৱে৷ 

সভাত ভাষণ দি ৰঙিয়াৰ প্ৰাক্তন বিধায়ক অনন্ত ডেকাই কয় যে নৰেন্দ্ৰ মোডী চৰকাৰে দেশৰ জনতাক ক্ৰীতদাসৰ দৰে ব্যৱহাৰ কৰিবলৈ লৈছে৷ জনসাধাৰণৰ সকলো গণতান্ত্ৰিক অধিকাৰ কাঢ়ি ল’বৰ বাবে পৰিৱেশ ৰচনা কৰাত ব্যস্ত চৰকাৰখন৷ জনতাৰ প্ৰতিবাদী সংগ্ৰামক ভৰিৰে মোহাৰি কণ্ঠ ৰুদ্ধ কৰিবলৈ বিচৰা হৈছে৷ দেশত চৰম স্বৈৰাচাৰ নমাই আনি ধনীক শ্ৰেণীৰ আজ্ঞাবাহী ভৃত্যত পৰিণত হৈছে চৰকাৰখন৷ 

চৰকাৰে যদি অনতিবিলম্বে পেট্ৰ’ল ডিজেলৰ মূল্যমান হ্ৰাস নকৰে তেন্তে সমগ্ৰ দেশ জুৰি প্ৰতিবাদী সংগ্ৰাম তীব্ৰতৰ কৰি তোলাৰ হুংকাৰ দি নেতাগৰাকীয়ে কয় যে কেন্দ্ৰীয় চৰকাৰে ২০১০ চনত পেট্ৰ’ল, ডিজেলৰ ক্ষেত্ৰত থকা ৰাজসাহায্য কৰ্তন কৰাৰ দিন ধৰি দেশৰ জনতাই হাৰাশাস্তি ভোগ কৰিবলগীয়াত পৰিছে৷ যিসময়ত মোডী চৰকাৰে সমগ্ৰ দেশত সামগ্ৰীৰ ওপৰত একক কৰ ব্যৱস্থা আৰোপৰ নামত জি এছ টি ব্যৱস্থা প্ৰৱৰ্তন কৰিছে তেনে সময়ত চৰকাৰখনে কিন্তু পেট্ৰ’ল, ডিজেলৰ ক্ষেত্ৰত অদ্যপি পুৰণি কৰ ব্যৱস্থাই বাহাল ৰাখিছে৷ 

ইয়াৰ উদ্দেশ্য হ’ল ছলে বলে জনসাধাৰণৰ পৰা অধিক কৰ সংগ্ৰহ কৰা৷ আজিৰ তাৰিখত পেট্ৰ’ল, ডিজেলৰ মুঠ মূল্যমানৰ অাধাতকৈ বেছি অংশ কেন্দ্ৰীয় আবকাৰী শুল্ক আৰু ভেটৰ নামত চৰকাৰে জনতাৰ পৰা আদায় কৰি লয়৷ কিন্তু পেট্ৰ’ল, ডিজেলৰ ওপৰত এই ব্যৱস্থা প্ৰত্যাহাৰ কৰি জি এছ টি ব্যৱস্থা প্ৰৱৰ্তন কৰিলে জনতাই যথেষ্টখিনি সকাহ পালেহেঁতেন৷ 

চৰকাৰে জনসাধাৰণক সকাহ দিবলৈ এনেধৰণৰ ব্যৱস্থা প্ৰৱৰ্তন কৰিব পাৰে যদিও সেয়া নকৰে, কিন্তু দেশৰ বৃহৎ কৰ্প’ৰেট গোষ্ঠীসমূহক শ শ কোটি টকা কৰ ৰেহাই দিব পাৰে৷ এয়াই মোদী চৰকাৰৰ দৰিদ্ৰ প্ৰীতিৰ স্বৰূপ৷ চৰকাৰে যদি অনতিবিলম্বে পেট্ৰ’ল, ডিজেল আৰু ৰন্ধন গেছৰ মূল্যবৃদ্ধি নিয়ন্ত্ৰণ নকৰে তেন্তে সমগ্ৰ ৰাজ্য জুৰি গাড়ী মটৰৰ চকা বন্ধ কৰি দিয়াৰ বাবে মটৰ শ্ৰমিকসকল সাজু থাকিব বুলি ডেকাই ভাষণত চৰকাৰক সকিয়াই দিয়ে৷