ৰঙিয়াঃ নিউ বঙাইগাও-ৰঙিয়া-কামাখ্যা দ্বৈত ৰেলপথ নিৰ্মাণৰ কথা কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰাৰ পিছতো আজিও উপেক্ষিত হৈ ৰৈছে৷ অসমৰ অতি গুৰুত্বপূৰ্ণ এই প্ৰকল্পটোৰ কোনো গুৰুত্ব প্ৰদান কৰা নাই চৰকাৰে৷ বিটিএডি, কামৰূপ, নলবাৰী, বৰপেটা, বঙাইগাঁও আদি জিলাৰ চাকৰীয়াল, ব্যৱসায়ী, ছাত্ৰ-ছাত্ৰীৰ বাবে অতিব প্ৰয়োজনীয় ৰেল পথটো গুৰুত্ব প্ৰদান নকৰাত ক্ষোক্ষিত হৈ পৰিছে ৰেলযাত্ৰী সন্থায়৷

এইবাৰ জাঙুৰ খাই উঠিছে ৰঙিয়াৰ বিভিন্ন দল-সংগঠন তথা ৰেল যাত্ৰী সন্থায়৷ আছু, যুৱ-ছাত্ৰ পৰিষদেও নিউ বঙাইগাঁৱৰ পৰা আগিয়াঠুৰীলৈ দ্বৈত ৰেল লাইনৰ লগতে ব্ৰহ্মপুত্ৰৰ ওপৰত দ্বিতীয়খন ৰেল দলং নিৰ্মাণ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰক দাবী জনাই অহাৰ পিছটো বৰ্তমানলৈ কোনো ব্যৱস্থা গ্ৰহন নকৰাত ৰেলযাত্ৰী সন্থাই আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰে শুকুৰবাৰে৷ দাবী সমূহৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰক হেঁচা প্ৰয়োগ কৰাৰ বাবে আন্দোলনৰ প্ৰথম কাৰ্যসূচী গ্ৰহণ কৰা বুলি কয় সন্থাই৷

অহা ১৫ মে'ত ৰঙিয়াস্থিত ৰেল মাণ্ডলিক প্ৰৱন্ধকৰ কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। শুকুৰবাৰে ৰঙিয়া গড়কাপ্তানী পথ সংমণ্ডলৰ বাংলাত অজিত ভাগৱতীৰ সভাপতিত্বত অনুষ্ঠিত এখন সাধাৰণ সভাত এই সিদ্ধান্ত গ্ৰহণ কৰাৰ উপৰিও থানেশ্বৰ বড়োক মুখ্য উপদেষ্টা, অনন্ত ডেকা, দিনেশ মহন্ত আৰু বিৰেণ শৰ্মাক সভাপতি আৰু দিপাংকৰ শৰ্মাক সাধাৰণ সম্পাদক হিচাপে এখন এক্সন সমিতি গঠন কৰা হয়।

উল্লেখ্য যে, ২০১৩-১৪ বৰ্ষৰ কেন্দ্ৰীয় ৰেল বাজেটত অনুমোদন দিয়া হৈছিল অসমৰ এই প্ৰকল্পটোৱে বাৰে বাৰে কেন্দ্ৰীয় কেবিনেটৰ বৈঠকত ধন আবন্টন পোৱাৰ ক্ষেত্ৰত মুখ থেকেচা খাবলগীয়া হৈছে৷ ৰাজ্যবাসীৰ প্ৰতি প্ৰতাৰণাৰ নামান্তৰ বুলি অভিহিত কৰিছে দল-সংগঠনে৷