ৰঙিয়াঃ ৰঙিয়া ৰেল ষ্টেছনত এটি পুৰুষৰ অচিনাক্ত মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ জানিব পৰা মতে, ষ্টেছনৰ প্ৰতিক্ষালয়ৰ পিছফালৰ পথৰ দাতিত পৰি থকা অৱস্থাত পুৱাই মৃতদেহটো একাংশ লোকে প্ৰত্যক্ষ কৰে৷

পেন্ট, চুৱেটাৰ পৰিহিত মৃতদেহটোত কোনো ধৰণৰ আঘাতৰ চিন নাই বুলি জানিব পৰা গৈছে৷ যুৱকজনৰ বয়স আনুমানিক ৩০ বছৰ হ’ব। ৰেল আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে গুৱাহাটীলৈ প্ৰেৰণ কৰে। ৰেল আৰক্ষীয়ে ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে৷