TeluguMirch
TeluguMirch

টিংৰাইঃ ৰাজ্যত পুনৰ সংঘটিত হৈছে যৌন নিৰ্যাতনৰ ঘটনা৷ এইবাৰ যৌন নিৰ্যাতনৰ ঘটনা সংঘটিত হ’ল যটিংৰাই অঞ্চলত৷ জীতেন তাঁতী নামৰ এজন লোকে ঘৰত কোনো নথকাৰ সুযোগ লৈ এগৰাকী কিশোৰীক অপকৰ্ম কৰাৰ চেষ্টা চলায়৷

ঘটনা সন্দৰ্ভত কিশোৰীগৰাকীৰ পৰিয়ালৰ লোকে টিংৰাই আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে৷ কিন্তু জীতেন তাঁতী নামৰ অভিযুক্ত লোকজন বৰ্তমান পলাতক অৱস্থাত আছে৷ আৰক্ষীয়ে ধৃত লোকজনৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে৷