
লংকাঃ অসমৰ এগৰাকী সাংবাদিকৰ মোবাইলত ফোন আহিল৷ ফোনটো ৰিচিভ কৰাৰ লগে লগে এটি পুৰুষৰ কন্ঠস্বৰে কলে ৰিজাৰ্ভ বেংকৰ পৰা কোৱা বুলি৷ ফোন কৰা লোকগৰাকীয়ে হিন্দীতে কথা পাতি কলে আপোনাৰ ATMৰ নম্বৰটো ব্লক হৈছে, আপোনাৰ ATMৰ নম্বৰটো দিয়ক আমি থিক কৰি দিম৷
পুৱাই অহা এই ফোন কলে বিবুধিত পেলালে হেজাই জিলাৰ সাংবাদিক হিৰোৎপল শইকীয়াক। তেওঁ আৰু বুজিবলৈ বাকী নাথাকিল এইটো ডিজিটেল চোৰৰ ফোন৷ দুষ্ট চক্ৰৰ ফোন যিয়ে সহজ সৰল মানুহক ফুচুলাই এটিএমৰ নম্বৰ লৈ বেংকৰ সাঁচতীয়া ধন লুটি নিয়ে।
দিল্লীৰ RBIৰ পৰা ফোন কৰা বুলি কোৱা সেই ডিজিটেল চোৰক নানা প্ৰশ্ন কৰিব ধৰাত ফোন ৰাখিবলৈ বাধ্য হয় RBIৰ পৰা ফোন কৰি এটিএমৰ নম্বৰ বিছৰা ভদ্ৰ লোকগৰাকীয়ে৷ একাংশ সহজ সৰল লোকক ফোন কৰি এটিএমৰ নম্বৰ লৈ এনেদৰে টকা লুটি আহিছে যদিও কেতিয়াও বেংকৰ পৰা এনেদেৰ ফোন নকৰে এই কথা সচেতন লোকসকলে প্ৰচাৰ কৰি আহিে যদিও একাংশ লোকে আজিলে গমেই পোৱা নাই৷