ডিব্ৰুগড়ঃ জনসংঘৰ প্ৰতিষ্ঠাপক দীনদয়াল উপাধ্যায়ে উত্তাল কৰি ৰাখিছে ৰাজ্য৷ দীনদয়াল উপাধ্যায়ৰ নামত ৰাজ্য চৰকাৰে অহা চাৰি বছৰত মহাবিদ্যালয় স্থাপনৰ কথা ঘোষণা কৰাৰ পাছৰে পৰা দল-সংগঠনে ধৰ্ণা, অৱৰোধেৰে প্ৰতিবাদ সাব্যস্ত কৰি আহিছে৷ নিতৌ দল-সংগঠনে ৰাজপথ উত্তাল কৰি থকা সত্বেও আকোৰগোজ হৈ সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন ৰাজ্য চৰকাৰে তিনিখনকৈ মহাবিদ্যালয় স্থাপন কৰে দীনদয়াল উপাধ্যায়ৰ নামত৷

ৰাজ্যৰ দল-সংগঠনে দীনদয়াল উপাধ্যায়ৰ নামত মহাবিদ্যালয় স্থাপনৰ বিৰোধিতা কৰি প্ৰতিবাদ আজিও অব্যাহত ৰাখিছে৷ জনমতক উপেক্ষা কৰি ৰাজ্যৰ বিজেপি, অগপ আৰু বিপিএফ নেতৃত্বাধীন মিত্ৰজোঁটৰ চৰকাৰে তিনিখনকৈ মহাবিদ্যালয় দীনদয়ালৰ নামত প্ৰতিষ্ঠা কৰে৷

ৰাজ্য চৰকাৰে তিনিচুকীয়া জিলাৰ কাকপথাৰতো এখন আদৰ্শ মহাবিদ্যালয় স্থাপন কৰিব৷ কাকপথাৰত স্থাপন হ’বলগীয়া মহাবিদ্যালয়খন দীনদয়াল উপাধ্যায়ৰ পৰিবৰ্তে মটক ৰজা সৰ্বানন্দ সিংহ নতুবা মৰাণ ৰজা বদৌচাৰ নামত নামাকৰণ কৰাৰ দাবী জনাইছে সদৌ অসম মটক যুৱ-ছাত্র পৰিষদে৷

উজনি অসমৰ অন্যতম শক্তিশালী জনগোষ্ঠীয় সংগঠন মটক যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই কাকপথাৰত স্থাপন কৰিবলগীয়া মহাবিদ্যালয়খন মটক ৰজা নতুবা মৰাণ ৰজাৰ নামত নামাকৰণ কৰিবলৈ দাবী জনায়৷ মটক যুৱ-ছাত্র পৰিষদৰ কেন্দ্ৰীয় সভাপতি যুগল বৰুৱাই অসমৰ ৰাইজে জাতি, মাটি, ভেটি ৰক্ষাৰ স্বাৰ্থত বিজেপিক ভোট দিছিল বুলি কয়৷

ৰাইজে উত্তাল প্ৰতিবাদ কৰাৰ পাছতো সৰ্বানন্দ সোণোৱাল কিয় নিমাত বুলি কৈ অসমৰ ৰাইজে দীনদয়াল উপাধ্যায়ৰ নামত ভোট দিয়া নাছিল বুলি কয়৷ দীনদয়াল উপাধ্যায়ৰ নামত যদি ৰাইজে ভোট দিছিল তেন্তে সৰ্বানন্দ চৰকাৰে প্ৰমাণ কৰিব লাগে বুলি প্ৰত্যাহ্বান জনাই নেতাগৰাকীয়ে৷

আনহাতে মিত্ৰজোঁট চৰকাৰৰ অংশীদাৰ দলৰ মূৰব্বীসকলক উপাধি সলনি কৰি সৰ্বানন্দ দীনদয়াল, হিমন্ত দীনদয়াল, অতুল দীনদয়াল, কেশৱ দীনদয়াল, হাগ্ৰামা দীনদয়াল নামেৰে নামাকৰণ কৰক বুলি দাবী জনাই নেতাগৰাকীয়ে৷ কাকথাৰত স্থাপন হ'বলগীয়া মহাবিদ্যালয়খন মটক ৰজা নতুবা মৰাণ ৰজাৰ নামত নামাকৰণ নকৰিলে তীব্ৰ প্ৰতিবাদ কৰাৰো হুংকাৰ দিয়ে সংগঠনটোৱে৷