গুৱাহাটীঃ কৃষক নেতা অখিল গগৈক আটক কৰি ডিব্ৰুগড় জিলালৈ লৈ অহাৰ পাছৰে পৰা উত্তাল হৈ পৰিছে ৰাজ্য৷ ৰাজ্যৰ দল-সংগঠন ৰাজ পথলৈ ওলাই আহি প্ৰতিবাদ সাব্যস্ত কৰি উত্তাল কৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্ত৷ কৃষক মুক্তি সংগ্ৰাম সমিতি আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে জিলাই জিলাই পথ অৱৰোধ আৰু ৰেল পথ অৱৰোধ কৰি অখিল গগৈক গ্ৰেপ্তাৰৰ তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছে৷

আনহাতে যোৱা ৩০ ঘন্টা ধৰি উত্তাল হৈ আছে ডিব্ৰুগড় জিলা৷ জিলা খনৰ বিভিন্ন ঠাইৰ পৰা ওলাই অহা শ শ লোকে একপ্ৰকাৰ ঘেৰাও কৰি ৰাখিছে ডিব্ৰগড় সদৰ আৰক্ষী থানা৷ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা-কৰ্মীয়ো উত্তাল কৰি ৰাখিছে থানা চৌহদ৷ নিশাৰ পৰা অখিল গগৈয়ে আৰক্ষী তথা ৰাজ্য চৰকাৰক বিভিন্ন প্ৰশ্নবানেৰে থকা-সৰকা কৰে৷ অখিলৰ সমৰ্থকসকলে ওৰে নিশা থানা চৌহদত পহৰা দিয়ে৷

নিশা অখিলে থানা চৌহদত চিঞৰি চিঞৰি বিজেপিয়ে অসমীয়া মানুহক হত্যা কৰিব বুলি কয়৷ বিজেপিয়ে অসমক বিক্ৰি কৰিলে৷ সৰ্বানন্দ-হিমন্ত দিল্লীৰ ওচৰত বিক্ৰী গ’ল৷ বিজেপিয়ে অসম ধ্বংস কৰিব বুলি ক্ষোভ উজাৰে অখিলে৷ ডিব্ৰুগড় সদৰ আৰক্ষী থানাত উদাত্ত কন্ঠৰে লুঙী-গেঞ্জী হাতেৰে দেখুৱাই দি, ৰাইজ চাওক এয়া আজি অসমীয়া মানুহৰ অৱস্থা বুলি কয় অখিলে৷ এজন অখিলক হত্যা কৰিলে লাখ লাখ অখিল জন্ম হ’ব বুলিও কয় অখিলে৷

থানাৰ ভিতৰত ৰাষ্ট্ৰদ্ৰোহৰ অভিযোগত ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা কৃষক নেতা অখিল গগৈয়ে আৰক্ষীক প্ৰশ্নবাণেৰে থকা-সৰকা কৰাৰ বিপৰীতে বাহিৰত হাজাৰ হাজাৰ প্ৰতিবাদকাৰীয়ে অখিলক মুকলি কৰি দিয়াৰ দাবীত পৰিৱেশ উত্তাল কৰি ৰাখে। অখিল গগৈয়ে তেওক গুপ্তহত্যা কৰিব ওলাইছিল বুলি আৰক্ষীৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে৷

চোচোৰাই মুখত সোপা দি গাড়ীত তুলি অনা বুলি কৈ গাঁৱৰ মানুহে নেদেখিলে আৰক্ষীয়ে তেওঁক হত্যা কৰিলেহেতেন বুলি নিশা থানা চৌহদত অখিলে প্ৰকাশ কৰে৷ আনহাতে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে দীনদয়ালৰ নামত কলেজ স্থাপনৰ বিৰোধিতা কৰাৰ বাবে নে ৰাষ্ট্ৰদ্ৰোহৰ বাবে অখিলক আদালতমুখী কৰা হ’ল সেয়া স্পষ্ট কৰিবলৈ আহ্বান জনাই সংগঠনটোৱে৷ অসমৰ মানুহ ক্ষান্ত হৈ নাথাকে বুলিও সংগঠনটোৱে স্পষ্ট কৰি দিয়ে।

এয়া অগণতান্ত্ৰিক-ফেচিষ্ট আৰু আৰ এছ এছ, বিজেপিৰ মিথ্যাচাৰ অখ্যা দিয়ে সংগঠনটোৱে৷ ৰাজ্যজুৰি উত্তাল প্ৰতিবাদ সাব্যস্ত হৈ থকাৰ মাজতে ডিব্ৰুগড় আৰক্ষীয়ে কৃষক নেতা অখিলক ডিব্ৰুগড জিলা আদালতত হাজিৰ কৰে৷

আদালতত হাজিৰ কৰাৰ পূৰ্বে অখিলক অধিবক্তা নতুবা কৃষক মুক্তিৰ কোনো নেতাক সাক্ষাৎ কৰিবলৈ নিদিলে আৰক্ষীয়ে৷ আনহাতে আৰক্ষীয়ে অখিলৰ পত্নীকো সাক্ষাতৰ অনুমতি প্ৰদান নকৰিলে৷

প্ৰয়োজনত অস্ত্ৰ হাতত তুলি ল’বলৈ আহ্বান জনালেই যদি ৰাষ্ট্ৰদ্ৰোহ হয় তেন্তে হোজাইত আৰ এছ এছে অস্ত্ৰৰ প্ৰশিক্ষণ প্ৰদান কৰাতো কি আছিল বুলিও থানাৰ ভিতৰত আৰক্ষীক প্ৰশ্ন কৰে অখিলে। কৃষক নেতাগৰাকীয়ে হোজাইত আৰ এছ এছৰ অস্ত্ৰৰ প্ৰশিক্ষণক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে কেনেকৈ সেই প্ৰশিক্ষণক আত্মৰক্ষামূলক আখ্যা দিব পাৰে বুলিও আৰক্ষীক প্ৰশ্ন কৰে।