খাৰুপেটীয়াঃ শেষত উদ্ধাৰ হল কণমানি ফাৰ্জিনা৷ কিন্তু জীৱন্তে নহয়৷ পুখুৰীৰ মেটেকাৰ মাজত উপঙি থকা ৬ বছৰীয়া শিশুটিৰ মৃতদেহটো আজি উদ্ধাৰ হয়৷

উল্লেখ্য যে, দৰঙৰ খাৰুপেটীয়া আৰক্ষী থানাৰ অন্তৰ্গত মোৱামাৰী গাঁৱাৰ আলী হুছেইনৰ ৬ বছৰীয়া কন্যা ফাৰ্জিনা বেগম ওৰফে আয়েশা ছিদ্দিকা চাৰি দিনৰ পৰা নিৰুদ্দেশ হৈ অাছিল। শিশুটিৰ হঠাত নিৰুদ্দেশ হোৱাত পৰিয়ালৰ উপৰি ওচৰ চুৱৰীয়া লোকসকলে বহু ঠাইত বিচাৰ-খোচাৰ কৰিও কোনো সন্ধান উলিয়াব পৰা নাছিল।

অাজি ৰাতিপুৱা ঘৰৰ ওচৰৰে পুখৰী এটাৰ পানীত মোটেকাৰ মাজত ওপঙি থকা অৱস্থাত ফাৰ্জিনাৰ মৃতদেহটো চুৱৰীয়া লোকে প্ৰত্যক্ষ কৰে। লগে লগে অঞ্চলটোত উৎকন্ঠিত পৰিস্থিতিৰ সৃষ্টি হয়৷ চাৰি দিন ধৰি নিখোজ হৈ থকা কন্যা শিশুটিৰ মৃতদেহ ৰহস্যজনক ভাৱে পুখুৰীত উদ্ধাৰৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্য সৃষ্টি কৰিছে।