
বাইহাটাঃ কামৰূপ জিলাৰ চাংসাৰি থানাৰ অাৰক্ষীয়ে অাজি পুৱতি নিশালৈ এক সফল অভিযান চলাই বৃহৎ পৰিমানৰ চোৰাং মিঠাতেল উদ্ধাৰ কৰাৰ লগতে দুই দুধৰ্ষ ট্ৰাক অপহৰণকাৰীকো জালত পেলাবলৈ সক্ষম হৈছে৷ উদ্ধাৰিত মিঠাতেলখিনিৰ মূল্য প্ৰায় পাঁচ লাখ টকা হ’ব। এই সন্দৰ্ভত প্ৰাপ্ত তথ্যানুসৰি যোৱা ৩ অক্টোবৰত চাংসাৰি ৰেলষ্টেচনৰ পৰা মহানগৰীলৈ গৈ থকা প্ৰায় ১৪ লাখ টকাৰ ৮৪০ কাৰ্টন ধাৰা মিঠাতেলভৰ্তি এ এচ-০১অাৰ-১৭৫৫ নম্বৰৰ ট্ৰাকখন ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা এটা দুষ্কৃতিকাৰীৰ দলে অপহৰণ কৰিছিল।
এই সন্দৰ্ভত যোৱা ৪ অক্টোবৰত দাখিল কৰা এজাহাৰৰ ভিত্তিত চাংসাৰি থানাত ভাৰতীয় দণ্ডবিধিৰ ৪০৭ ধাৰাত ৩০৩/১৭ নম্বৰত এটি গোচৰ পঞ্জীয়ন কৰি অাৰক্ষীয়ে অনুসন্ধান অাৰম্ভ কৰে। অনুসন্ধানত এই প্ৰায় ১৪ লাখ টকাৰ চুৰি মিঠাতেল চোৰাংকৈ কামৰূপ জিলা আৰু নলবাৰী জিলাৰ ভিন্ন প্ৰান্তত বিক্ৰী কৰাৰ তথ্য লাভ কৰে অাৰক্ষীয়ে। সেই অনুসৰি চাংসাৰি আৰক্ষীয়ে প্ৰথমাৱস্থাত অভিযান চলাই নলবাৰী জিলাৰ পৰা পৰিত্যক্ত অাৰু খালী অৱস্থাত ট্ৰাকখন উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
ইয়াৰ পিছত নিজস্ব উৎসৰ পৰা পোৱা তথ্যৰ ভিত্তিত থানাখনৰ ভাৰপ্ৰাপ্ত অাৰক্ষী বিষয়া উপেন কলিতা অাৰু ঘটনাৰ তদন্তকাৰী বিষয়া কৃষাণু পাঠকৰ নেতৃত্বত থানাখনৰ এটি অাৰক্ষী বাহিনীয়ে হাজো, মুকালমুৱা, কমলপুৰৰ বিভিন্ন স্থানত অভিযান চলাই ২৯২ কাৰ্টন ধাৰা মিঠাতেল উদ্ধাৰ কৰাৰ লগতে এই দুই অপহৰণকাৰীক অাটক কৰিবলৈ সক্ষম হয়।
ধৃত এই দুই অপহৰণকাৰী হৈছে ক্ৰমে কামৰূপ জিলাৰ হাজো থানাৰ অন্তৰ্গত বৰ্ণিৰ কামাৰুদ্দিন অাহমেদৰ পুত্ৰ নেকিবুদ্দিন অাহমেদ(২৮) অাৰু দেহাৰকুৰিয়াৰ প্ৰয়াত ৰহিমুদ্দিন অালীৰ পুত্ৰ অাতিকুৰ ৰহমান(২৯)। অাৰক্ষীয়ে জনোৱা মতে এই দুই অপহৰণকাৰীয়ে দীৰ্ঘদিনৰে পৰা অামিনগাঁও, চাংসাৰি, বাইহাটা চাৰিঅালিৰ ৰাষ্ট্ৰীয় ঘাইপথত সন্ত্ৰাস চলাই অাহিছিল। ৪ অক্টোবৰত চাংসাৰিৰ পৰা মহানগৰীলৈ গৈ থকা মিঠাতেলভৰ্তি ট্ৰাকখন হাইজেক কৰিছিল এই দুই দুষ্কৃতিকাৰীয়ে।
অানহাতে এই চোৰাং মিঠাতেলৰ সামান্য অংশ ক্ৰয় কৰাৰ অভিযোগত অান দুজনকো থানালৈ সোধপোছৰ বাবে অনা হৈছে। ইয়াৰ বিপৰীতে অৱশিষ্ট মিঠাতেলখিনিৰ সন্ধানত থানাখনৰ অাৰক্ষীয়ে কামৰূপ আৰু নলবাৰী জিলাৰ ভিন্ন স্থানত অভিযান তীব্ৰতৰ কৰি তুলিছে।