newsnextone.com | বোকাজানঃ অৱশেষত মৰাণৰ পৰা অপহৰণ কৰা তুলসী প্ৰসাদ বেৰীয়াক উদ্ধাৰ কৰিবলৈ সক্ষম হয় অসম আৰক্ষী৷ অসম-নগালেণ্ড সীমান্তৰ কাৰ্বি আংলং জিলাৰ বোকাজান মহকুমাৰ অন্তৰ্গত চিলনীজানত বৰপথাৰ আৰক্ষীয়ে অভিযান চলাই উদ্ধাৰ কৰে তুলসী প্ৰসাদ বেৰীয়াক।

আৰক্ষীৰ এটা বৃহৎ দলে কেইবাঘণ্টা ধৰি চলোৱা অভিযানত তুলসী প্ৰসাদ বেৰীয়াক কাৰ্বি আংলং জিলাৰ অসম-নগালেণ্ড সীমান্তৰ চিলনীজানত এৰি পলায়ন কৰে অপহৰণকাৰীয়ে। সম্পূৰ্ণ সুস্থ অৱস্থাত উদ্ধাৰ হয় বেৰীয়া। নগা দুৰ্বৃত্তই অপহৰণ কৰাৰ সন্দেহ। অপহৰণকাৰীৰ সন্ধানত বৰপথাৰ আৰক্ষীয়ে অভিযান অব্যাহত ৰাখিছে।