08
May
2017

দলংঘাটঃ দৰং জিলা ৰেডক্ৰছৰ উদ্যোগত আজি পালন কৰা হয় বিশ্ব ৰেডক্ৰছ দিৱস। এই দিৱসৰ লগত সংগতি ৰাখি দৰং জিলা ৰেডক্ৰছ ছচাইটিৰ অধ্যক্ষ চন্দ্ৰ কুমাৰ চক্ৰৱৰ্তীৰ সঞ্চালনাত এখনি সভা অনুষ্ঠিত হোৱাৰ লগতে এটি বিনামূলীয়া চিকিৎসা শিবিৰৰো ব্যৱস্থা কৰে সমিতিয়ে।
এই অনুষ্ঠানটিত উপস্থিত থাকে দৰং জিলাৰ উপায়ুক্ত অশোক বৰ্মন, মংগলদৈৰ ৰাজহ চক্ৰ বিষয়া পল্লৱী শৰ্মা চৌধুৰী, মংগলদৈ মহকুমা স্বাস্থ্য বিষয়া ৰমেশ চন্দ্ৰ গোস্বামী, নিৰ্মল বেৰীয়া, দৰং জিলা ৰেডক্ৰচৰ উপাধ্যক্ষ সমুদ্র শৰ্মা।
পৰিক্ষীত নাৰায়ণ মধ্য ইংৰাজী বিদ্যালয়ৰ প্ৰধান শিক্ষক সোণাৰাম ডেকাই বন্তি প্রজ্বলনৰে শুভাৰম্ভ কৰা এই অনুষ্ঠানত বৃক্ষ ৰোপন কাৰ্যসূচী ৰূপায়ণ কৰা হয়। এই বৃক্ষ ৰোপন কাৰ্যসূচী শুভাৰম্ভ কৰে জিলা উপায়ুক্ত অশোক বৰ্মণ আৰু চক্ৰ বিষয়া পল্লৱী শৰ্মা চৌধুৰীয়ে।