
ধেমাজি/চিচিবৰগাঁওঃ ৰাজ্য কপাই যোৱা চিলাপথাৰ কাণ্ডৰ নায়ক সুবোধ বিশ্বাসসহ ৫৪জনৰ জামিন আবেদন পুনৰ নাকচ কৰে আদালতে৷
চিলাপথাৰ কাণ্ডৰ মূল অভিযুক্ত সুবোধ বিশ্বাস, সুভাস বিশ্বাস, বেণীমাধৱ ৰায়, সহদেৱ দাসসহ ৫৪ গৰাকী অভিযুক্তৰ জামিন আবেদন আজি ধেমাজিৰ সত্ৰ ন্যায়ধীশৰ আদালতে নাকচ কৰে।
উল্লেখ্য যে, ধেমাজিৰ চিলাপথাৰত বঙালী উদ্ধাস্তু সমিতি নামৰ সংগঠনটোৱে এখন সভা অনুষ্ঠিত কৰিছিল৷ সভাৰ পূৰ্বে সমদল উলিওৱাৰ সময়ত চিলাপথাৰ টাউনত সমদলকাৰীয়ে আছুৰ কাৰ্যালয় লণ্ড-ভণ্ড কৰাৰ লগতে শ্বহীদ বেদীতো হাত দিছিল৷
ইয়াৰ পাছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিছিল দল-সংগঠনে৷ ৰাজ্যবাসীৰ দাবীত সেও মানি আৰক্ষীয়ে অভিযান চলাই মূল অভিযুক্ত সুবোধ বিশ্বাসসহ মুঠ ৫৪ গৰাকী লোকক আটক কৰে৷
এতিয়া অহা ৪ ছেপ্তেম্বৰৰ পৰা পূৰ্ণ পৰ্যায়ত চলিব চিলাপথাৰ কাণ্ডৰ বিচাৰ প্ৰক্ৰিয়া। ৪ ছেপ্তেম্বৰৰ পৰা ৭ ছেপ্তেম্বৰলৈকে বিভিন্ন সাক্ষী-বাদীৰ সাক্ষ্য ধেমাজিৰ সত্ৰ ন্যায়ধীশৰ আদালতে প্ৰতিদিনে গ্ৰহণ কৰিব ৷
আনহাতে বাৰে বাৰে জামিন আবেদন কৰি আদালতত মুখ থেকেচা খাবলগীয়া হৈছে চিলাপথাৰ কাণ্ডৰ অভিযুক্তসকলে। আদালতে আজি পুনৰ নাকচ কৰে সুবোধ বিশ্বাস, সুভাস বিশ্বাস, বেণীমাধৱ ৰায়, সহদেৱ দাসসহ ৫৪ জন অভিযুক্তৰ জামিন আবেদন।