বৰপথাৰঃ ৰাজ্যৰ বিভিন্ন প্ৰান্তত ধুমুহাৰ ফলত শ শ লোক গৃহহীন হৈ সৰ্বস্ব হেৰুৱাবলগা হোৱাৰ সময়তে ৰাজ্য চৰকাৰে কোনোধৰণৰ বিশেষ পদক্ষেপ নোলোৱাৰ অভিযোগ উত্থাপিত হৈ আহিছে। এনে সময়তে ধনশিৰি ট্ৰাক মালিক সন্থা আৰু সৰুপথাৰ লায়নচ্ ক্লাৱে আৰ্তসকললৈ আগবঢ়াইছে সহায়ৰ হাত।

সৰুপথাৰ অঞ্চলত বৃহস্পতিবাৰে অহা ধুমুহাৰ ফলত ক্ষতিগ্ৰস্ত হোৱা কেইবাখনো গাঁৱৰ লোকক ৰেচন আৰু অত্যাবশ্যকীয় সামগ্ৰী বিতৰণ কৰে সংস্থাদুটাই।