লংকাঃ লাহে লাহে বানৰ প্ৰলয় কমিছে৷ তথাপি নিজৰ হেপাঁহৰ ঘৰখন এৰি এতিয়াও নগঞা বাসীয়ে আশ্ৰয় লব লগা হৈ আছে আশ্ৰয় শিবিৰত৷ এমুঠি ভাতৰ বাবে, এটুপি খোৱাপানীৰ বাবে আৰু এখন বস্ত্ৰৰ বাবে এতিয়াও মাৰ যোৱা নাই বানাক্ৰান্তৰ মাজত হাহাকাৰ৷ চৰকাৰে প্ৰদান কৰা সাহায্যৰ পৰিমাণো সীমিত৷

বানত জুৰুলা নগাঁও এতিয়া ভোকতো জুৰুলা৷ ভোক নামৰ পিশাচটোৰ বিৰুদ্ধে থিয় হব পৰাকৈ শনিবাৰে বানবিধ্বস্ত নগাঁও জিলাৰ অন্তৰ্গত ভূৰবন্ধা, লাওখোৱা অঞ্চলৰ বানপীড়িত ৰাইজৰ মাজত সাহায্য বিতৰণ কৰে লামডিং ইলেক্ট্ৰনিক মি়ডিয়া টীমে৷ বানাক্ৰান্ত ৰাইজৰ কাষত উপস্থিত হৈ লামডিং মিডিয়া টীমটোৱে চাউল, মম, বিস্কুট, চিৰা, মিঠাতেল, দাইল আদিকে ধৰি নিত্য ব্যবহাৰ্য আন আন সামগ্ৰী সমূহ প্ৰদান কৰি বানাক্ৰান্ত ৰাইজক সকাহৰ হাত আগবঢ়ায়৷

শনিবাৰে সাহায্য বিতৰণ কৰা দলটোত লামডিং ইলেক্ট্ৰনিক মিডিয়া টীমৰ হৈ বাপ্পী মালাকাৰ, পল্লৱী কলিতা আৰু অৰূপ মজুমদাৰ উপস্থিত থাকে৷